চিৰাং জিলা বিজেপি মহিলা মৰ্চাৰ উদ্যোগত “শক্তি সন্মান” শীৰ্ষক অনুষ্ঠান

চিৰাঙৰ বিজনীৰ বৰো কালীবাড়ীত আজি চিৰাং জিলা বিজেপি মহিলা মৰ্চাৰ উদ্যোগত “শক্তি সন্মান” শীৰ্ষক মহিলা আত্ম সহায়ক গোট আৰু N.G.O. সম্পৰ্ক অভিযান অনুষ্ঠিত হয় ।

তদুপলক্ষে চিৰাং জিলা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী দেৱযানী ৰায়ৰ সভানেত্ৰীত্বত এখন সভা অনুষ্ঠিত হয় ।

সভাত ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ উপ-সভানেত্ৰী তথা চিৰাং জিলা বিজেপি মহিলা মৰ্চাৰ প্ৰভাৰী দীপাঞ্জলী ৰায়, সহঃ প্ৰভাৰী নমিতা পাটগিৰি, ৰাজ্যিক বিজেপিৰ সম্পাদক তথা বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়সহ অতিথিবৃন্দ উপস্থিত থাকে ।

AssamAssamese NewsDaily time axomGuwahatiInternational
Comments (0)
Add Comment