তামুলপুৰ জিলাৰ অন্তৰ্গত কচুৱাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজিত জিলা পৰ্যায়ৰ ছয় দিনীয়া অনা আবাসিক নেতৃত্বৰ প্ৰশিক্ষণৰ আজি সফল সামৰণি পৰে। উল্লেখযোগ্য যে উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বাবে আয়োজিত এই প্ৰশিক্ষণত তামুলপুৰ জিলাৰ অধীনস্থ ৬৩ উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে ।
এই ছয় দিনত সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ আগবঢ়ায় কামেশ্বৰ দৈমাৰী , কন্দৰ্প দাস ,পোখৰেল আকাশ দীপক কুমাৰ তালুকদাৰ ৷ পৰ্যবেক্ষক হিচাপে উপস্থিত থকা প্ৰশিক্ষণ শিবিৰত প্ৰতিটো কোঠাৰ ইনচার্জ হিচাপে দায়িত্ব পালন কৰে চি আৰ চি চি দেৱেশ্বৰ ৰাভা , চি আৰ চি চি হিড়িম্বাছা ব্ৰহ্মই।