মুকালমুৱা মহাবাহু যুৱক সংঘৰ সৌজন্যত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় প্রাইজমানী পাতল টেনিচ ক্রিকেট প্রতিযোগিতা।
মুকালমুৱা সাপ্তাহিক বজাৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা প্রাইজমানী পাতল টেনিচ ক্রিকেট প্রতিযোগিতাখনৰ উদ্ধোধক হিচাপে উপস্থিত থাকে মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা মাছাঁৰ সাধাৰণ সম্পাদক নেকিবুদ্দিন আহমেদ,
মুকালমুৱা গাঁও উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক আলকাছ আলীকে ধৰি কেইবাগৰাকী গন্যমান্য ব্যক্তি । শুভ উদ্বোধনী প্ৰতিযোগিতা মূলক খেল খনত প্ৰথম দিনাই মুকালমুৱা মহাবাহু যুৱক সংঘ আৰু মুকালমুৱা ডাঙৰ চুপা যুৱক সংঘৰ মাজত অনুষ্ঠিত হয়। দুয়োটা দলে উন্নত খেল প্ৰদৰ্শন কৰে যদিও অৱশেষত মুকালমুৱা মহাবাহু যুৱক সংঘ দলটোৱে মুকালমুৱা ডাঙৰ চুপা যুৱকৰ সংঘক বৃহৎ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।
মুকালমুৱা মহাবাহু যুৱক সংঘৰ সৌজন্যত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা মূলক খনৰ প্ৰথম পুৰস্কাৰ হিচাপে ১০,০০১ টকা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে ৭,০০১ টকা ৰখা হৈছে, লগতে ট্ৰফী সহ প্রতি খন খেলত ম্যান অফ দ্যা মেচ ,ম্যান অফ দ্যা ছিৰিজ আৰু অন্যান্য সুবিধা থকা বুলি জনায় উদ্যোক্তা সকলে।
এই খেলত অন্তৰ্ভুক্ত হ’ব বিছাৰিলে 7002612567 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় উদ্যোক্তা সকলে।