🔥চেপন চকলিয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বালিৰ সৈতে বন বিভাগৰ জালত পৰিল চালক চন্দন আগৰৱাল
ৰাজ্যত নিতৌ বৃদ্ধি পাব ধৰিছে প্ৰাকৃতিক সম্পদৰ ধ্বংস যজ্ঞ | লগতে এই সম্পদৰ চোৰাং সৰবৰাহো অব্যাহত আছে | কিন্তু দুৰ্নীতি ৰোধ কৰাৰ লক্ষ্যত ডিমৌ খণ্ড বন বিভাগ | দীৰ্ঘদিন ধৰি বন বিভাগৰ চকুত ধূলি দি আজি পুৱা ডিব্ৰুগড় জিলা দিহিং নদীৰ পৰা চেপন চকলিয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চোৰাং বালি সৰবৰাহ কৰা AS 06 BC 4727 নম্বৰৰ এখন মিনি ট্ৰাক ডিমৌ খণ্ড বন বিষয়া বিজয় গোহাঁইৰ নেতৃত্বত থকা বনৰক্ষীৰ এটা দলে জব্দ কৰিবলৈ সক্ষম হয় | ৰাজহ ফাঁকি দিয়াৰ অভিযোগত বন বিভাগৰ এই অতৰ্কিত অভিযানত জালত পৰিল চোৰাং বালি সৰবৰাহকাৰী চন্দন আগৰৱাল | চেপন চকলিয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱা চলিছিল এই অভিযান | ডিমৌ খণ্ড বন বিভাগে গন্তব্যস্থানৰ পৰা চোৰাং সৰবৰাহত জড়িত বাহন খন জব্দ কৰাৰ লগতে কাৰ্যালয়লৈ আনি চালক চন্দন আগৰৱালকো সোধাপোছা কৰে | বন বিভাগৰ আগত সকলো কথা স্বীকাৰ কৰে অভিযুক্ত চন্দন আগৰৱালে | আনহাতে ডিমৌ খণ্ড বন বিভাগে বন আইনৰ অধীনত DM/01 OF 2023/24ত তদন্ত কৰি তথা জিলা উচ্চ পৰ্যায়ৰ বিষয়াৰ নিৰ্দেশ অনুসৰি Conviction দিয়াৰ কথা সংবাদ-মাধ্যমৰ আগত স্বয়ং সদৰি কৰিছে চালক চন্দন আগৰৱালে |