Daily Time Axom

দক্ষিণ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত বাসিৰ চৰৰ পৰা নাবালিকা ছোৱালীক অপহৰণ

0 67

প্ৰেমৰ ছলনাৰে ১৬-১৭ বছৰীয়া নাবালিকা ছোৱালীক অপহৰণ লগতে ৪৮ হেজাৰ টকা লৈ উধাও ৰেজ্জাক নামৰ ভণ্ডজন।
নাবালিকা ছোৱালীৰজনীৰ দেউতাকৰ ভাষ্য অনুসৰি ৮/২/২০২৪ ইং তাৰিখে নাবালিকা ছোৱালীৰ জনীৰ দেউতাক ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি ৰাতি ১০ বজাত ৰেজ্জাক নামৰ ভণ্ডই ঘৰত সোমাই ফুচলাই বিয়াৰ প্ৰলোভন দি নাবালিকা ছোৱালী জনীক লৈ যায়। পিছত পৰিয়ালৰ লোকে গম পাই দক্ষিণ শালমাৰা আৰক্ষী চকীত ৯/২/২০২৪ ইং তাৰিখে এখন এজাহাৰ দাখিল কৰে।
ৰেজ্জাক নামৰ ভণ্ডৰ ঘৰত আছে ২ গৰাকী পত্নী, আৰু তেখেতৰ বিৰুদ্ধে আছে সমাজত কৰা বহুতো অপকৰ্মৰ অভিযোগ ।

ইতিমধ্যে পৰিয়ালৰ লোকে নাবালিকা ছোৱালী জনীক বিচাৰি নাপাই হাবাথুৰি খাই ঘূৰি ফুৰিছে ।
পৰিয়ালৰ লোকে নাবালিকা ছোৱালী জনীক উদ্ধাৰ কৰি দিবলৈ দক্ষিণ শালমাৰা আৰক্ষীলৈ বিনম্ৰ অনুৰোধ জনাইছে।

Leave A Reply

Your email address will not be published.