এটি চিপছৰ পেকেটৰ বাবে স্কুলীয়া কণমানি ছাত্ৰীক গুৰুলা গুৰুলাকৈ প্ৰহাৰ

এটি চিপছৰ পেকেটৰ বাবে স্কুলীয়া কণমানি ছাত্ৰীক গুৰুলা গুৰুলাকৈ প্ৰহাৰ।

জুৰীয়াৰ উদমাৰী গাঁৱৰ গুণ্ডাৰূপী দোকানী আমিনুল ইছলামৰ আক্ৰমণত আহত হয় কণমানি ছাত্ৰী।
এই ঘটনা সংঘটিত হয় মধ্য উদমাৰী মোক্তাৱ স্কুলত।
স্কুলখনৰ শিক্ষয়িত্ৰী আৰু পৰিয়ালৰ ভাষ্য অনুসৰি জুৰীয়াৰ উদমাৰী মোক্তাৱ স্কুলৰ দ্বিতীয় শ্ৰেণীৰ কণমানি ছাত্ৰীয়ে দুপৰীয়া জিৰণিৰ সময়ত স্কুলৰ সন্মূখত থকা দোকানলৈ সমনীয়াৰ সৈতে এটি চিপছৰ পেকেট কিনি ভুল বশত 5 টকা নিদিয়াৰ ফলত দোকানী আমিনুল ইছলামে শিক্ষক শিক্ষয়িত্ৰীৰ সন্মুখতেই স্কুলৰ ভিতৰৰ পৰা কণমানী ছাত্ৰীজনীক চুলিত ধৰি টানি আনি গুৰুলা গুৰুলাকৈ প্ৰহাৰ কৰাত উদমাৰী অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

গুৰুতৰ বাবে জখম হোৱা কণমানি ছাত্ৰীজনীৰ পৰিয়ালে ন্যায় বিচাৰি দাখিল কৰিছে জুৰীয়া আৰক্ষী থানাত এজাহাৰ।

সম্প্ৰতি উক্ত ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে জুৰীয়া আৰক্ষীয়ে।

Assamese NewsbollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment