মোবাইল আসক্তি : এক মাৰাত্মক ব্যাধি

সাম্প্ৰতিক সময়ত মোবাইল ফোনবোৰে সামাজিক মাধ্যমৰ উত্থানত আৰু যোগাযোগৰ মাধ্যম হিচাপে অপৰিসীম অৰিহণা যোগাইছে সেইটো সঁচা! কিন্তু ইয়াৰ নেতিবাচক প্ৰভাৱে যে ফুল কুমলীয়া শিশু সকলক নৈতিক , আৰু মানসিক ভাৱে কুৰুকি কুৰুকি সিহঁতৰ মনস্তাত্বিক দিশত প্ৰচুৰ বাধাৰ সূচনা কৰিছে সেইটো বিষয়ে আজিৰ অভিভাৱক সকল কিমান দূৰ সজাগ???শিশু মনোবিজ্ঞানৰ দৃষ্টিভঙ্গীৰ পৰা লক্ষ্য কৰিলে সাধাৰণতে দেখা যায় যে মাতৃগৰ্ভত সন্তানৰ অৱস্থিতি ধৰা পৰা ৰ পৰা আৰম্ভ কৰি কৈশোৰ কালৰ আৰম্ভণি ত ১১/১৩ বছৰ সময়ত মানুহৰ দেহৰ দ্ৰুত শাৰীৰিক আৰু মানসিক বিকাশৰ হয়, এই সময়ছোৱাক শিশু কাল বুলি কোৱা হয়। একবিংশতিকাৰ প্ৰাংগনত , বৰ্তমান শিশুৰ মাজত ম’বাইল আসক্তি বাঢ়ি অহাটো এক সামাজিক ব্যাধি ৰূপে প্ৰতিপন্ন হৈছে। মোবাইল ফোন বোৰে শিশুসকলক প্ৰাকৃতিক পৰিৱেশৰ সেউজীয়া আবেষ্ঠনিৰ লগত সম্পৰ্ক বিছিন্ন কৰিছে লগতে শিশুসকলৰ মাজত থকা খেলা ধূলা, নাচ গান আদিৰ দৰে সৃজনীমূলক প্ৰতিভাক লুপ্ত কৰিছে লগতে কিতাপৰ প্ৰতি ধাউতি কমাই আনিছে।

অানহাতে শিশু সকলৰ মাজত মোবাইল ফোনৰ ব্যৱহাৰে নতুনকৈ অপৰাধৰ প্ৰৱণতাৰ সূচনা কৰিছে। মই ভাবোঁ এই ক্ষেত্ৰত অভিভাৱক সকল জগৰীয়া। এখন কংক্ৰিটৰ চহৰত ত সকলো মানুহ আত্মকেন্দ্ৰিক । আজিৰ যুগত পিতৃ মাতৃ সকল সামাজিক মাধ্যম আৰু নিজৰ কৰ্ম ক্ষেত্ৰক লৈ বহুত বেছি ব্যস্ত। আনহাতে গৃহিণী সকলও মোবাইল ফোন ৰ প্ৰতি বেছি আসক্ত হৈ পৰা পৰিলক্ষিত হৈছে , যাৰ ফলত তেওঁলোকে নিজৰ সন্তানৰ লগত সময় অতিবাহিত কৰাৰ পৰা বিৰত থাকে, এনে অৱস্থাত শিশু এটাই ডাঙৰ ক অনুকৰণ কৰি মনোৰঞ্জন আৰু খেলৰ আহিলা ৰুপে মবাইল টোকে বাছি লয়। যদি অভিভাৱক সকলে মবাইলৰ সলনি শিশুৰ সন্মুখত কিতাপ লৈ বহিব , তেতিয়া সন্তানেও সেইটোৱে অনুকৰণ কৰিব । কাৰণ শিশু ৱে সদাই ডাঙৰক অনুকৰণ কৰে। দৰাচলতে শিশু সকলক প্ৰাকৃতিক জগত খনৰ লগত চিনাকি কৰাই দিয়াৰ দায়িত্ব অভিভাৱক সকলৰ। আমাৰ চাৰিওফালৰ প্ৰাকৃতিক জগতৰ বিভিন্ন ফুল , ফল, পখিলা ,চৰাই চিৰিকতি, গছ লতা, জীৱ জন্তু, ৰ বিষয়ে শিশু সকলক অবাগত কৰিব লাগে । সকলো শিশুৱে শিশুকালৰ পৰা কাহিনী শুনিবলৈ কৌতূহল দেখুৱাই, সেয়েহে অভিভাৱত ক সকলে, মবাইল ত কাৰ্টুন দেখুওৱাৰ লগতে , পৰম্পৰাগত ভাৱে মুখে মুখে চলি অহা সাধু কথা, মহান ব্যক্তি সকলৰ আত্ম জীৱনী তথা সংগ্ৰামৰ কাহিনী বোৰ সন্তানক কব লাগে। ই শিশুৰ ব্যক্তিত্বৰ বিকাশত সহায় কৰিব। শিশু মবাইল ৰ আসক্তিৰ ফলত ইয়াৰ দু ব্যৱহাৰে বৰ্তমানে শিশু অপৰাধ দিনত দিনে বাঢ়ি গৈ আছে। ভাৰতীয় আইন মৰ্মে কম বয়সীয়া শিশু অপৰাধী সকলৰ বিচাৰ “জুভেনাইল জাস্টিস আইন “ৰ সহায়ত কৰা হয়। ইয়াত অপৰাধ প্ৰৱল মনৰ শিশু সকলক পুনঃ উদ্ধাৰ কৰি উন্নত মানৰ মৌলিক শিক্ষা আৰু সামাজিক প্ৰাণী হিচাপে মানুহৰ কৰ্তব্য ৰ বিষয়ে অৱগত কৰে।

AssamAssamese NewsbollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment