টীয়কৰ নামচেচুবাসীয়ে এটুপি বিশুদ্ধ খোৱাপানী বিচাৰি পথত কৰিছে প্ৰতিবাদ

প্ৰধানমন্ত্ৰীৰ সপোনৰ আচঁনি হৰ ঘৰ নল হৰ ঘৰ জলে আজিৰ তাৰিখতো ঢুকি নাপালে টীয়কৰ এইসকল ৰাইজক।হয়, যোৰহাট জিলাৰ টীয়ক চাহ বাগিচাৰ সমীপৰ নামচেচু অঞ্চলত বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ৰাইজৰ।এটা মাটিৰ নাদেই শেষ সম্বল বৃহত্তৰ অঞ্চলটোৰ ৷ৰাতিপুৱাৰে পৰাই পানী বাবে পাতে গাঁওবাসীয়ে দীঘলীয়া শাৰী। ৰজাঘৰীয়াক অবেদন কৰি কৰি ভাগৰি পৰিছে এইসকল ৰাইজ,কাণসাৰ নাই ৰজাঘৰীয়াৰ।সেয়ে আজি এইদৰে অঞ্চলৰ পুৰুষ মহিলা সকলো ওলাই আহি এটুপি বিশুদ্ধ খোৱা পানী বিচাৰি পথৰ ওপৰতে প্ৰতিবাদ সাব্যস্ত কৰি যদি অনতি পলমে উক্ত অঞ্চলত খোৱা পানীৰ উপযুক্ত ব্যৱস্থা নকৰে তেন্তে আগন্তুক লোকসভা নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিছে এইসকল গাঁওবাসীয়ে।ইপিনে এক বিংশ শতিকাৰ এই ডিজিটেল যুগত খোৱা পানীৰ বাবে এইদৰে ৰাইজে প্ৰতিবাদ কৰাতো বৰ্তমান চৰকাৰখনৰ ফোপোলাস্বৰূপ উদঙাই তুলিছে বুলি সচেতন মহলত চৰ্চিত হৈছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaWorld
Comments (0)
Add Comment