Daily Time Axom

চিৰাঙৰ বিজনীত শনিবাৰে নিশা আৰক্ষীৰ অভিযানত বিজেপিৰ MCLA প্ৰদীপ বায়নৰ দেহৰক্ষী সহ ৮ গৰাকীকৈ জুৱাৰী গ্ৰেপ্তাৰ

0 33

এক গোপন সূত্ৰৰ পম খেদি বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুলমণি দাসৰ নেতৃত্বত বিজনী থানাৰ আৰক্ষীয়ে চলোৱা উক্ত অভিযানত গ্ৰেপ্তাৰ হোৱা জুৱাৰী কেইটা ক্ৰমে বিজনী নিৱাসী অসম আৰক্ষীৰ জোৱান তথা মননীত পাৰিষদ প্ৰদীপ বায়নৰ দেহৰক্ষী *প্ৰণৱ শইকীয়াৰ (৪৪)* লগতে অন্যান্য *৮* টাকৈ জুৱাৰী *দিগন্ত গোৱালা (৩৭),* *বিশ্বজিৎ দাস(৩০),* *মৃদুল দাস(৩৮),* *দিবেন্দু বিশ্বাস(৩৫),* *কণমণি মেধী(৪৪),* *নীলকমল ৰায়(৩৬),* *ৰাজ হালৈ(৩৩)* আৰু ছাতিয়ানগুৰীৰ *পূণাই ৰায়(৩০)।*

*বিজনী ৰে’ল ষ্টেচনৰ* সমীপৰ এটা পৰিতক্ত গৃহত দীৰ্ঘদিনৰে পৰা জুৱাৰী সকলে চলাই আহিছিল *জুৱাৰ আড্ডা ।*

ৰেলৰ মাটি দখল কৰি দিৰ্ঘদিনৰে পৰা জুৱাৰী কেইজনক *মৃদুল দাস* নামৰ যুৱক জনে দি আহিছিলে ৰক্ষণাবেক্ষণ লগতে চলাই গৈছিল মদৰ আড্ডা।

আৰক্ষীয়ে জুৱাৰী কেইটাৰ পৰা নগদ *১২,৫৫০* টকা, *৯* টাকৈ মোবাইল হেণ্ডচেট আৰু *তাচপাত* জব্দ কৰে।

পাছত আৰক্ষীয়ে ধৃত জুৱাৰী কেইটাক বিজনী থানালৈ লৈ আহে।

Leave A Reply

Your email address will not be published.