নলবাৰীত পাঁচদিনীয়াকৈ গণেশ পূজাৰ বিশাল আয়োজন

১০০ বছৰ পূৰণি এডাল কুঁহিমালা গছ আৰু এটি শিলাস্তৰক লৈয়েই যোৱা ৩০ বছৰ ধৰি উপেন্দ্ৰ দেৱ পূজাৰীৰ গৃহত থকা এটি ঐতিহ্যমণ্ডিত গণেশ মন্দিৰত পাচদিনীয়াকৈ গণেশ পূজাৰ বিশাল আয়োজন!*
* নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ছিদালকুছি লচিমাত আছে এটি গণেশ মন্দিৰ । উল্লেখ্য যে এই মন্দিৰত আছে এডাল ১০০ বছৰীয়া কুঁহিমালা গছ আৰু এটি গণেশ পাথৰ। সুদীৰ্ঘ ৩০ বছৰতকৈও অধিক কাল ধৰি এই মন্দিৰলৈ আহি নৈবদ্য আগবঢ়াই সেৱা লৈ মনৰ আশা পূৰণ হ’ল বহুজনৰ। ,আনহে নালাগে চাকৰি লাভ কৰিলে স্থানীয় সাংস্কৃতিক কৰ্মী ভাৰত দাসে নামৰ এজন লোকে।

Assamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment