বঙাইগাঁও জিলাৰ মাণিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ সম্মুখত শশ অংগনাৱাদী কৰ্মী আৰু সহায়িকাই মাণিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত তলা লগাই অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰে। কাৰ্যালয়ৰ কৰ্মচাৰী সকলে কাৰ্যালয়ত আহিছে যদিও কাৰ্যালয়ৰ ভিতৰত সোমাব দিয়া নাই যাৰ ফলত দিনটোৰ বাবে সকলো কাম কাজ বন্ধ হৈ পৰে। এই সংক্ৰান্তত শিশু উন্নয়ন প্ৰকল্প বিষয়াই উৰ্ধতম কতৃপক্ষক অৱগত কৰিছে। উৰ্দ্ধতম কতৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব। অংগনাৱাদী কৰ্মী আৰু সহায়িকা সকলৰ মাননী বৃদ্ধি কৰাৰ কথা আছিল শেহতীয়া বাজেটত। কিন্তু বাজেটত অংগনাৱাদী কৰ্মী আৰু সহায়িকা সকলৰ বাবে বাজেটত কোনো কথাই উল্লেখ নহ’ল। যাৰ বাবে অংগনাৱাদী কৰ্মী আৰু সহায়িকাসকল জাঙুৰ খাই উঠিছে। আজি মাণিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সম্মুখত শশ কৰ্মী আৰু সহায়িকাই তৃতীয় দিনাও প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী কৰ্মী সকলে বিভিন্ন শ্লোগান দি শীঘ্ৰেই তেওলোকৰ মাননী বৃদ্ধি কৰিবলৈ চৰকাৰক দাবী জনাইছে। অন্যথা অনিৰ্দ্দিষ্ট কাললৈ আন্দোলন অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে। প্ৰয়োজন সাপেক্ষে ৰেল পথ অৱৰোধ কৰিবলৈ বাধ্য হব।