Daily Time Axom

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ উদ্যোগত চিত্ৰ আৰু শিল্প কৰ্মশালা আয়োজন

0 25

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ উদ্যোগত নাজিৰা নগৰ ৪ নং ৱাৰ্ডত এদিনীয়াকৈ চিত্ৰ আৰু শিল্প কৰ্মশালা আয়োজন কৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক ভাস্কৰজ্যোতি মহন্তই আঁতধৰা উক্ত কাৰ্যসূচীত বিশিষ্ট সমাজকৰ্মী অৰ্ণৱ গগৈ, বিশিষ্ট সংবাদকৰ্মী নয়নমণি ভৰদ্বাজ ফুকন অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে বক্তব্য আগবঢ়াই।কৰ্মশালাত চিত্ৰ তথা ভাস্কর্য শিল্পী ৰোহিত বৰুৱা আৰু প্ৰিঞ্চিপ্ৰিয়া দত্তই ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰে। অনুষ্ঠানটিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ কাৰ্যনিৰ্বাহ সদস্য বিকি বৰচেতিয়া,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক যাদৱজ্যোতি বড়া, যুটীয়া সম্পাদক ৰাজীৱ কূৰ্মীৰ লগতে আন সদস্যসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.