Daily Time Axom

ৰূপাহীহাটৰ লাওখোৱা সংহত শিশু উন্নয়ন প্ৰকল্পত অঙ্গনবাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ

0 44

চৰকাৰে দিয়া প্ৰতিশ্ৰুতিমতে কৰ্মী সহায়িকাৰ মাননী বৃদ্ধি কৰা, অৱসৰ প্ৰাপ্ত কৰ্মী সহায়িকাৰ এক কালীন সাহায্য ধন ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়া।

গ্ৰেছুয়েটি আদায় দিয়া,কৰ্মী -সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান কৰাৰ লগতে উপযুক্ত কৰ্মীসকলক পদউন্নতি দিয়াৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ।

চৰকাৰে এই দাবীসমূহ যদি মানি নলয় তেনেহলে সমগ্ৰ ৰাজ্যজুৰি অনিৰ্দিষ্ট কাললৈ আন্দোলন কৰাৰ হুংকাৰ দিয়ে কৰ্মী-সহায়িকা সকলে
বিজেপি চৰকাৰ হায় হায়,বিজেপি চৰকাৰ গ’বেক, অজন্তা নেওগ হায় হায় ইত্যাদি ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী।

লাওখোৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াক বিভিন্ন দাবী সন্মিলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে কৰ্মী-সহায়িকা সকলে।

জুৰীয়াৰ পৰা নাজিম উদ্দিনৰ ৰিপ’ৰ্ট।

Leave A Reply

Your email address will not be published.