তেজৰ কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হোৱা শুনিলে বেছিভাগ মানুহেই চিন্তা কৰে! কলেষ্টেৰল বাঢ়িলে হৃদৰোগৰ সম্ভাৱনাও বাঢ়ে! অনিয়ন্ত্ৰিত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসে তেজত বেয়া কলেষ্টেৰলৰ মাত্ৰা অহৰহ বৃদ্ধি কৰে। দীৰ্ঘদিন ধৰি তেজত ওপঙি থকা সেই আঠাযুক্ত পদাৰ্থবোৰ ধমনীত আবদ্ধ হৈ পৰে। শৰীৰত ৰক্ত সঞ্চালনত বাধাৰ সৃষ্টি হয়, বিভিন্ন সমস্যা আৰম্ভ হয়। শৰীৰত কলেষ্টেৰলৰ সমস্যা বাঢ়িলে বিভিন্ন অংগত ইয়াৰ লক্ষণ ধৰা পৰে। আগতীয়াকৈ সাৱধান হ’লে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰি। হৃদৰোগৰ সম্ভাৱনাও কম কৰিব পাৰি। কোনবোৰ লক্ষণৰ প্ৰতি চকু ৰাখিব লাগে জানি লওক।
ব্যায়াম বা খোজ কঢ়াৰ সময়ত ভৰিৰ বিষ হ’ব পাৰে। এয়া শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হোৱাৰ লক্ষণ। ধমনীৰ যোগেদি শৰীৰৰ বিভিন্ন অংশলৈ তেজ চলাচল কৰে। যেতিয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায় তেতিয়া ধমনীবোৰৰ ভিতৰত চৰ্বি জমা হয়। ইয়াক ‘এথেৰ’স্কলেৰ’ছিছ’ বোলা হয়। এই প্লেক জমা হোৱাৰ লগে লগে ক্ৰমান্বয়ে তেজৰ সোঁত বন্ধ হৈ পৰে। প্লেক গঠন হ’ব পাৰে। এই ধৰণৰ প্লেক গঠন হ’লে শৰীৰৰ বিভিন্ন অংশলৈ তেজ সঠিকভাৱে বিয়পিব নোৱাৰে। শৰীৰৰ পেৰিফেৰেল অংশত গঢ় লৈ উঠা এই সমস্যাটোক পেৰিফেৰেল আৰ্টেৰী ডিজিজ (PAD) বোলা হয়। এই ৰোগৰ ফলত ভৰিৰ বিভিন্ন অংশত বিষ হয়।
ইয়াৰ উপৰিও আৰু কি কি লক্ষণৰ প্ৰতি সচেতন হ’ব লাগে?
১) ভৰিৰ পক্ষাঘাত।
২)ভৰিত ৰক্ত সঞ্চালন কমি যায়।
৩) ভৰিৰ ছালৰ ৰং সলনি হোৱা।
৪) ভৰিৰ নখৰ বৃদ্ধি কমি যায়।
৫) ভৰি, গোৰোহাত ঘাঁ হোৱা।
কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ চিকিৎসকৰ পৰামৰ্শ মানি চলাটো জৰুৰী। দৈনন্দিন জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰাটো গুৰুত্বপূৰ্ণ। খোৱা-বোৱাত বিশেষ গুৰুত্ব দিব লাগে। এই ৰোগ ধৰা পৰাৰ পিছত নিয়মীয়াকৈ তেজৰ পৰীক্ষা কৰাটো জৰুৰী।