Daily Time Axom

বটলেৰে টাইম বোমা বনোৱাৰ অভিযোগত গ্ৰেপ্তাৰ ২

0 35

বটল ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে বোমা। এই অভিযোগ লাভ কৰাৰ পিছত উত্তৰ প্ৰদেশ আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে জাভেদ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। তদন্তৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় মুজাফ্ফৰনগৰৰ ইমৰানা। অভিযোগ অনুসৰি ইমৰানেই জাভেদক কাঁচৰ বটল ব্যৱহাৰ কৰি টাইম বোমা তৈয়াৰ কৰিবলৈ উচটনি দিছিল। জাভেদে টাইম বোমা বনাই তেওঁৰ হাতত তুলি দিছিল। ইমৰাণৰ হাতত গতাই দিওঁতে জাভেদক গ্ৰেপ্তাৰ কৰা হয়। শনিবাৰে এক গোপন সূত্ৰৰ পম খেদি মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। সূত্ৰ অনুসৰি ইমৰানাই কয় যে ২০১৩ চনত তেওঁ সাম্প্ৰদায়িক দাঙ্গাৰ বলি হৈছিল, যাৰ সময়ত তেওঁৰ ঘৰৰ বেয়াকৈ ক্ষতিসাধন হৈছিল। আৰু কোনো সাম্প্ৰদায়িক দাঙ্গা সংঘটিত হোৱাৰ আগতেই তেওঁ বোমাবোৰ সাজু কৰিবলৈ দিছিল।

Leave A Reply

Your email address will not be published.