সদৌ বি.টি.চি. সংখ্যালঘু ছাত্র সন্থা চমুকৈ এ বি এম ছু ৰ আহ্বানত তামুলপুৰ জিলা সমিতিৰ উদ্যোগত দ্বাৰকুছি আঞ্চলিক সমিতিৰ সহযোগত দেওবাৰে সন্ধিয়া দ্বাৰকুছিত নেলী গনহত্যাৰ ছহিদ সকলক সোঁৱৰণ কৰি এক মমবাতি প্ৰজ্বলন কৰাৰ লগতে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এ বি এমছুৰ নেতা কৰ্মী সকলে ক’লা বেজ পৰিধান কৰি আজি সন্ধিয়া এই অনুষ্ঠানৰ শুভৰাম্ভনি কৰে এবিএমছুৰ কেন্দ্ৰীয় সভাপতি টাইছন হুছেইনে ৷ ১৯৮৩ চনত সংঘটিত হোৱা নেলী গনহত্যাৰ ন্যায় বিচাৰি বিগত বছৰ সমূহত আজিৰ দিনটোতে ক’লা দিৱস হিচাপে পালন কৰি নেলী গনহত্যাৰ ন্যায় উত্থাপন কৰে নেতা গৰাকীয়ে ৷ উপস্থিত এবিএমছুৰ কৰ্মী সকলে হাতত মমবাতি লৈ নেলী গনহত্যাৰ ন্যায় দিয়ক, ন্যায় দিয়ক, ছহিদ সকলক চিনাক্ত কৰক, ছহিদ সকলক উপযুক্ত ন্যায় দিয়ক, এবিএমছু জিন্দাবাদ আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে ৷ আজিৰ অনুষ্ঠানত এবিএমছুৰ সভাপতি টাইছন হুছেইন, তামুলপুৰ জিলাৰ সভাপতি বদৰুদ্দিন খান, সাধাৰন সম্পাদক বুবুল আলী, দ্বাৰকুছি আঞ্চলিক সমিতিৰ সভাপতি কামাল হুছেইন, সম্পাদক বাহাৰুল ইছলামৰ লগতে তামুলপুৰ, খণ্ডিকৰ, কুমাৰীকাটা আঞ্চলিক এবিএমছুৰ ছাত্ৰ নেতা কৰ্মী সকলে অংশ গ্ৰহন কৰে ৷