Daily Time Axom

মিয়ানৱালীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব ইমৰাণ খান

0 46

পাকিস্তান তেহৰিক-ই-ইনছাফৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে মিয়ানৱালীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব। সোমবাৰে পাকিস্তানী সংবাদ মাধ্যমৰ আগত এই কথা কয় পিটিআইৰ চিনেটৰ ফৈছাল জাভেদে।

ফৈছাল জাভেদে কয় যে দলৰ মুৰব্বী ইমৰাণ খানে মিয়ানৱালীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব। ভগৱানে ইচ্ছা কৰিলে তেওঁ পুনৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ’ব।

এক সাক্ষাৎকাৰত জাভেদে কয় যে ৮ ফেব্ৰুৱাৰীৰ নিৰ্বাচনত ভোটাৰৰ ভোটদান দেশৰ ইতিহাসত ‘অভূতপূৰ্ব’।

৯ মে’ৰ কাণ্ড আৰু পিটিআইৰ বিৰুদ্ধে ৰাজ্যিক দমনৰ পিছত আত্মগোপন হৈ পৰে ফৈছাল জাভেদ।

ইফালে পিটিআইৰ নেতা বেৰিষ্টাৰ গোহৰ খানে কয় যে পিটিআই সমৰ্থিত নিৰ্দলীয়সকলে চুন্নী ইত্তহাদ কাউন্সিলত গোট হিচাপে যোগদান কৰিব।

তেওঁ কয়, আমাৰ প্ৰাৰ্থীসকলে শপতনামা দাখিল কৰিছে। তেওঁলোকৰ সন্মতি সাপেক্ষে আজি আমি ঘোষণা কৰিছো যে পিটিআই সমৰ্থিত নিৰ্দলীয়সকলে চুন্নী ইত্তহাদ কাউন্সিলত যোগদান কৰিছে।”

Leave A Reply

Your email address will not be published.