ব্যতিক্ৰমী ৰূপত গীত গাই প্ৰতিবাদ সাব্যস্ত কৰিলে অংগনবাড়ী কৰ্মী সহায়িকাই ।
অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী- সহায়িকাই জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনায় যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হয় অংগনবাড়ী কৰ্মী-সহায়িকা সকলৰ প্ৰতিবাদী কাৰ্যসূচী। ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদ কাৰ্যসূচীৰ আজি ৪ৰ্থ দিন ,এই ৪ৰ্থ দিনটোত মুকালমুৱাস্থিত সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ চৌহাদত অংগনবাড়ী কৰ্মী-সহায়িকা সকলে ব্যতিক্ৰমী ৰূপত গীত গাই সাব্যস্ত কৰিলে প্ৰতিবাদ । ইলেকশ্বনৰ আগত মামাই হাঁহি হাঁহি কয়; কৰ্মচাৰীক মই দিম ভাল মজুৰি৷ এনেদৰে মুকালমুৱাস্থিত সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ চৌহাদত মুখ্যমন্ত্ৰীৰ বচনক লৈ গীত গাই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে লগতে কৰ্মী-সহায়িকা সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান আৰু কৰ্মী সহায়িকাৰ বিভিন্ন দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপি চৰকাৰ হায়-হায়”, “মাননিৰ সলনি মজুৰি দিয়ক”, “চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পালন কৰক”, “আমাৰ দাবী নায্য দাবী”, “এই সংগ্ৰাম চলিছে চলিবই”, “অংগনবাড়ী কৰ্মী-সহায়িকা সন্থা জিন্দাবাদ”, ইত্যাদি ধ্বনিৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে বৰক্ষেত্ৰীৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয় চৌহাদ ।কৰ্মী-সহায়িকাসকলৰ এই অসহযোগ আন্দোলনৰ ফলত বৰক্ষেত্ৰীৰ ৪৬৬ টা অংগনবাড়ী কেন্দ্ৰত পাঠদান স্থবিৰ হৈ পৰে৷
মুকালমুৱাৰ পৰা ৰিপোৰ্ট।।