মৰিগাঁৱৰ পবিতৰা হাট প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণভাৱে আঠখন গ্ৰন্থ উন্মোচন

মৰিগাঁৱৰ পবিতৰা হাট প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণভাৱে গ্ৰন্থকাৰ ৰমনী মোহন বৰুৱাৰ সাতখন লগতে অঞ্জনা বৰুৱাৰ সৈতে যৌথভাৱে প্ৰকাশিত সংস্কৃত আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণেৰে প্ৰকাশিত এখন গ্ৰন্থ উন্মোচন।

মৰিগাঁও পবিতৰা হাট প্ৰেক্ষাগৃহত মৰিগাঁৱৰ আইনজীৱি ৰমণী মোহন বৰুৱাৰ সাতখন লগতে অঞ্জনা বৰুৱাৰ সৈতে যৌথভাৱে সংস্কৃত আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণৰে অব্জিনী নামৰ প্ৰকাশিত আন এখন গ্ৰন্থ উন্মোচন কৰা পৰিলক্ষিত হয়। গুৱাহাটী চানমাৰিৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী ভাষা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থকেইখনৰ উন্মোচক হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক জগদীশ পাটগিৰি, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শ‌ইকীয়া, ভীমবৰ দেউৰী বঁটা প্ৰাপক মিলেশ্বৰ পাটৰকে প্ৰমুখ্যে বহুকেইগৰাকী সাহিত্যিক,প্ৰবিন সাংবাদিক অধিবক্তা উপস্থিতিত সাহিত্য অনুৰাগীৰ মাজত আড়ম্বৰপূৰ্ণভাৱে উন্মোচন কৰি পাঠক সমাজলৈ মুকলি কৰি দিয়ে।
বিশেষকৈ গ্ৰন্থ উন্মোচনী সভাখনৰ শুভ উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।

মৰিগাঁও পৰা কৃষ্ণ কুমাৰ নাথৰ ৰিৰ্পট

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment