আৰক্ষীৰ ৰহস্যজনক স্হিতিৰ বিপৰীতে অসম জাতীয়তাবাদী যুৱ পৰিষদে সুদখোৰৰ বিৰুদ্ধে জিলা আয়ুক্তক প্ৰদান কৰিলে স্মাৰক পত্ৰ।
হাতত তালিকা লৈ জিলাই জিলাই সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে অভিযান | কিন্তু ৰহস্যজনক ভাৱে শিৱসাগৰত সুদখোৰ কাবুলিৰ আতংক অব্যাহত আছে | মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল, ৰাজ্যত লুকাই থকা কোনো সুদখোৰ সাৰি যাব নোৱাৰিব | উজনিৰ পৰা নামনিলৈ আৰু ডাঙৰ অভিযান চলোৱা হ’ব সুদখোৰৰ বিৰুদ্ধে | সুদখোৰক সকিয়নী দিছিল ড০ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই | মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো শিৱসাগত সুদখোৰ বিচাৰি আৰক্ষী তৎপৰ হোৱা ৰাইজে প্ৰত্যক্ষ কৰা নাই | যাৰ পৰিপেক্ষিতত সুদখোৰ কাবুলিৰ আতংক শিৱসাগৰৰ ধাইআলি, বাবুপট্টি, যমুনাৰোড, জেঙনিকটিয়া চাৰিআলিকে ধৰি ঢুলিয়াপাৰ, হাতীখোঁক, আমগুৰিঘাট, দৰবাফিল্ড, জয়সাগৰ আদি অঞ্চলত | গাঁৱে-গাঁৱে সুদখোৰ বিৰোধী অভিযান চলোৱাৰ দাবী অসম জাতীয়তাবাদী যুৱ পৰিষদৰ | সুদখোৰক কোনো কাৰণতে প্ৰশাসনে ৰেহাই নিদিয়াৰ দাবী তুলিছে সংগঠনটোৱে | আনহাতে অসম জাতীয়তাবাদী যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ এটা প্ৰতিনিধি দলে আজি শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম য়াদৱ মহোদয়ক লগ ধৰি আৰক্ষীৰ স্থিতি আৰু চৰকাৰৰ ভুমিকাৰ ওপৰত বিস্তৃত ভাৱে আলোচনা কৰে | লগতে সংগঠনটোৰ সভাপতি নিহাৰ চাংমাই আৰু সম্পাদক ৰঞ্জন বৰদলৈ জিলা সমিতিৰ স্বাক্ষ্যৰিত এক স্মাৰক পত্ৰ প্ৰদান কৰিছে | সংগঠনটোৱে সংবাদ-মাধ্যমৰ আগত তেওঁ লোকৰ স্থিতি ৰাজহুৱা কৰি কয় যে, শিৱসাগৰত আৰক্ষীয়ে সুদখোৰৰ বিৰুদ্ধে বৰ্তমানলৈকে কোনো ধৰণৰ আইনী ব্যৱস্থা লোৱা নাই | যাৰ পৰিপেক্ষিতত জিলা আয়ুক্তক স্মাৰক পত্ৰৰ জড়িয়তে সুদখোৰৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিবলৈ দাবী জনাই সংগঠনটোৱে |