ধূলাত জল জীৱন মিছন আঁচনিৰ উদ্বোধন বিধায়ক বসন্ত দাসৰ

দৰঙৰ ধূলাত জল জীৱন মিছন আঁচনিৰ উদ্বোধন কৰে মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে। পূব মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ধূলা গাঁও পঞ্চায়তৰ টাংনী চাহ বাগানত প্ৰায় ২কোটি ৪১লাখ টকা ব্যয়েৰে নিৰ্মান হোৱা পানী যোগান আঁচনি খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। টাংনিবাগান খনৰ প্ৰায় ৪৪৮ খন ঘৰত এই পানী যোগানৰ সংযোগ দিয়া হৈছে। প্ৰতিঘৰ পৰিয়ালে এই বিশুদ্ধ খোৱা পানী সেৱন কৰি ভয়ানক বেমাৰ আদিৰ মুক্ত থাকিব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক বসন্ত দাস , মঙ্গলদৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা ময় হুছেইন, টাংনি চাহ বাগিচাৰ পৰিচালক ৰাগবেন্দ্ৰ সিং, ওৰাং সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা টিংকো কলিতাৰ লগতে ধূলাৰ যুৱ নেতা এবাদুল্লা হককে আদি কৰি প্ৰায় শতাধিক স্থানীয় ৰাইজ।

খাৰুপেটীয়াৰ পৰা ৰফিকুল হক ৰ ৰিপ’ৰ্ট

AssamAssamese NewsDaily time axomGuwahatiInternational
Comments (0)
Add Comment