২৪ ফেব্ৰুৱাৰীৰ পৰা প্ৰিয়ংকা গান্ধীয়ে ‘ভাৰত জ’ড়ো ন্যায় যাত্ৰা’ত যোগদান কৰিব

প্ৰিয়ংকা গান্ধীয়ে ২৪ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ পৰা ‘ভাৰত জ’ড়ো ন্যায় যাত্ৰা’ত যোগদান কৰিব । শাৰীৰিক অসুস্থতাৰ বাবে প্ৰিয়ংকাই ভাৰত জোৰো ন্যায় যাত্ৰাত যোগদান কৰিব নোৱাৰিলে। এক্স হেণ্ডেলত প্ৰিয়ংকাই লিখিছে যে তেওঁ উত্তৰ প্ৰদেশৰ ‘ভাৰত জ’ড়ো ন্যায় যাত্ৰা’ত যোগদান কৰিবলৈ আগ্ৰহী। অসুস্থতাৰ বাবে আগৰ যাত্ৰাত যোগদান কৰিব নোৱাৰিলে। কিন্তু এইবাৰ তেওঁ যাত্ৰাত যোগ দিব। দেশবাসীয়ে যিদৰে এই যাত্ৰাক সমৰ্থন কৰিছে, সেইদৰে বাজিছে বিজেপিৰ বিদায়ৰ ঘণ্টা। নিৰ্বাচনৰ দিনটো এপ্ৰিল-মে’ মাহতেই ঘোষণা হোৱাৰ সম্ভাৱনা আছে। উত্তৰ প্ৰদেশৰ আমেথি সদায় কংগ্ৰেছৰ শক্তিশালী স্থান। কিন্তু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ হাতত ৫৫ হাজাৰ ভোটত পৰাস্ত হয়। কিন্তু প্ৰিয়ংকাই যদি ‘ভাৰত জ’ড়ো ন্যায় যাত্ৰা’ত যোগদান কৰে তেন্তে কংগ্ৰেছ সমৰ্থকৰ আশা আৰু বাঢ়িব বুলি ৰাজনৈতিক মহলে ভাবে।

AssamAssamese NewsDaily time axomIndiaInternational
Comments (0)
Add Comment