ছিৰিয়াৰ ৰাজধানীত ইজৰাইলৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

ছিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ কাফ্ৰ ছৌছা জিলাৰ কেইবাটাও আৱাসিক অট্টালিকাত ইজৰাইলে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। বুধবাৰে (২১ ফেব্ৰুৱাৰী) এই অঞ্চলত কেইবাটাও ইজৰাইলী ক্ষেপণাস্ত্ৰই আঘাত কৰে।

ক্ষতিগ্ৰস্ত অঞ্চলটোৰ ভিতৰত আছে আৱাসিক ভৱন, বিদ্যালয় আৰু ইৰাণৰ সাংস্কৃতিক কেন্দ্ৰ। এইবোৰৰ কাষতে চোৰাংচোৱা সংস্থাই ব্যৱহাৰ কৰা এটা বৃহৎ অট্টালিকা। ইয়াৰ পূৰ্বে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ইজৰাইলে এই অট্টালিকাটো আক্ৰমণ কৰিছিল। সেই আক্ৰমণত ইৰাণৰ এজন সামৰিক বিশেষজ্ঞ নিহত হৈছিল।

ছিৰিয়াৰ চৰকাৰী সংবাদ সংস্থা SANA য়ে প্ৰকাশ কৰা অনুসৰি ইজৰাইলে এটা আৱাসিক অট্টালিকাত আক্ৰমণ চলাইছে। সংবাদ সংস্থাটোৱে কোনো লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰা নাই। বহুমহলীয়া অট্টালিকাটোৰ এখন ছবি প্ৰকাশ কৰিছে।

ছিৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা ছবিত বহুমহলীয়া অট্টালিকাৰ জ্বলি যোৱা ফালটো দেখা গৈছে। নিৰাপত্তাৰক্ষীৰ সূত্ৰই জনোৱা মতে, এই আক্ৰমণে লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হয়।

প্ৰত্যক্ষদৰ্শীয়ে কয় যে তেওঁলোকে একাধিক বিস্ফোৰণৰ শব্দ শুনিছে।

এই আক্ৰমণ সন্দৰ্ভত ইজৰাইলৰ সেনাবাহিনীয়ে তাৎক্ষণিকভাৱে কোনো মন্তব্য কৰা নাই।

ছিৰিয়াৰ ১২ বছৰীয়া গৃহযুদ্ধত ইৰাণে ৰাষ্ট্ৰপতি বাছাৰ আল আছাদক সমৰ্থন আগবঢ়াই আহিছে। ইৰাণ আৰু লেবাননৰ হিজবুল্লাহ গোটে ডামাস্কাছক সহায় কৰাৰ বাবে ইজৰাইলে ছিৰিয়াৰ ভূখণ্ডত নিয়মীয়াকৈ আক্ৰমণ চলাই আহিছে। ছিৰিয়াত ইৰাণৰ সামৰিক শক্তি ধ্বংস কৰিবলৈ টেল আভিভে এই আক্ৰমণ চলাইছে।

হামাছৰ সমৰ্থক ইৰানে লেবানন, য়েমেন, ইৰাক আৰু ছিৰিয়াৰ সশস্ত্ৰ গোটক সমৰ্থন কৰাৰ লগতে সংঘাতৰ পৰা নিজেই আঁতৰি থাকিবলৈ চেষ্টা কৰিছে – যিটো ইজৰাইলী আৰু আমেৰিকাৰ স্বাৰ্থৰ প্ৰতি শত্ৰুতাপূৰ্ণ।

AssamDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment