মৈৰাবাৰীত গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ।

মৈৰাবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক পংকজ দাসৰ নেতৃত্বত মৈৰাবাৰী আৰক্ষীৰ এটা অভিযানকাৰী দলে আজি সন্ধিয়া ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত হাতে লুটে কৰায়ত্ত কৰে তিনিজনকৈ ড্ৰাগছ ব্যৱসায়ীক।
ড্ৰাগছ ব্যৱসায়ী তিনিটাৰ পৰা আৰক্ষীয়ে ১৫ টা হেৰইন ভৰ্তি কণ্টেইনাৰ আৰু নগদ ১৩৫০০ টকা, আৰু দুটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।
ড্ৰাগছ ব্যৱসায়ী কেইজন হল- বৰচাপৰি গাঁৱৰ ছিৰাজুল ইছলাম,ছিৰাজ আলি, আৰু মুস্তাফা আলম। গ্ৰেপ্তাৰ হোৱা তিনিওটা ড্ৰাগছ ব্যৱসায়ীৰ ঘৰ ভেলৌগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰচাপৰি গাঁৱত বুলি জানিব পৰা গৈছে।

AssamAssamese NewsbollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment