ম্যানমাৰৰ জন্টাই বাহিনীয়ে অধিক ঘাটি আৰু সৈনিকক হেৰুৱাইছে

ম্যানমাৰৰ জন্টা বাহিনীয়ে বিগত চাৰিদিনত অধিক ঘাটি আৰু সৈন্য হেৰুৱাইছে। কাচিন, ৰাখিনে আৰু মন ৰাজ্য আৰু সাগাইং আৰু বাগো অঞ্চলত এই ঘাটিবোৰ হেৰুৱাইছিল। সমগ্ৰ দেশখনতে জনপ্ৰতিৰক্ষা বাহিনী আৰু জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনৰ আক্ৰমণ অব্যাহত থকাৰ সময়তে ঘাটিৰ পিছত ঘাটি হেৰুৱাইছে।

আৰাকান সেনাই জনোৱা মতে, কাচিন ৰাজ্যৰ মাণ্ডলে-মিটকিনা পথৰ এটা কৌশলগত জন্টা ঘাটি সোমবাৰে বিদ্ৰোহী বাহিনীয়ে দখল কৰে। কাচিন স্বাধীনতা সেনা আৰু কাচিন আঞ্চলিক জনপ্ৰতিৰক্ষা বাহিনীৰ যৌথ আক্ৰমণত মানচি নগৰৰ শিখাংগী গাঁৱত ঘাটিটো দখল কৰে।
বিদ্ৰোহী সংগঠনসমূহে জনোৱা মতে, ঘাটিটোক সুৰক্ষিত কৰিবলৈ জন্টা বায়ুসেনাই ৬০টাতকৈও অধিক বিমান আক্ৰমণ চলাইছে। এই আক্ৰমণত ৬ জন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে ১৫ জন আহত হয়।

আৰাকান সেনাই জনোৱা মতে, সংঘৰ্ষৰ সময়ত শিখাংগী গাঁৱৰ লগতে ইয়াৰ আশে-পাশে তিনিবাৰকৈ জন্টা যুদ্ধ বিমানে বোমা নিক্ষেপ কৰে। জব্দ কৰে বহু অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ। ১০ জন জন্টা জোৱানৰ মৃতদেহ উদ্ধাৰ হৈছে। জংঘল আৰু ওচৰৰ অঞ্চলত পলায়ন কৰা জুন্টা জোৱানক বিচাৰিছে।

বিদ্ৰোহীসকলে মন ৰাজ্যৰ সামৰিক কমাণ্ডৰ মুখ্য কাৰ্যালয়তো বোমা বিস্ফোৰণ ঘটাই ছাগাইং অঞ্চলৰ মনিৱা টাউনশ্বিপৰ মনিৱা-চাং-ইউ ৰোডৰ পেট্ৰলিয়াম ষ্টেচনত স্বয়ংক্ৰিয় বিমান আক্ৰমণ চলায় আৰু ড্ৰ’ন আক্ৰমণ কৰে ‘কিৱি ৱাইন পিন’ দলঙত…।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment