Daily Time Axom

টীয়কৰ এজাৰগুৰি গুৱালগাঁও সংযোগী পথৰ নিৰ্মাণ খৰতকীয়া তথা সুন্দৰকৈ কৰিবলৈ ৰাইজে জনালে দাবী

0 59

টীয়কৰ জাঁজী নদীৰ কাষৰ এজাৰগুৰিকে ধৰি বৃহত্তৰ অঞ্চলৰ যাতায়তৰ অন্যতম পথ গুৱালগাঁও এজাৰগুৰিৰ পথৰ নিৰ্মাণৰ কাম ইতিমধ্যে চলি আছে।উক্ত পথৰ ওপৰত নিৰ্মাণ হোৱা দলঙৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু দলঙৰ দুটা মূৰৰ কাম চলি আছে যাক লৈ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰাৰ সমান্তৰালকৈ উক্ত কাম সুচাৰুৰূপে বাৰিষাৰ আগতে সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰ কৰ্তৃপক্ষক আহ্বান জনাইছে।উল্লেখযোগ্য এই যে পথৰ কাষৰ প্ৰেভাৰেজ ব্লকৰ চিমেন্ট ধালাইৰ পৰিমাণ কম হোৱাক লৈ ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু খৰটকীয়াৰ নামত কিয় এনেদৰে কাম কৰা হৈছে বুলি প্ৰশ্ন কৰাত ঠিকাদাৰ পক্ষই সেয়া দুৰ্ভাগ্যজনকভাৱে মিস্ত্ৰীৰ ভুলবশত: হৈছে বুলি স্বীকাৰ কৰি পুনৰ প্ৰাককলন অনুসৰি সুন্দৰকৈ মেৰামতি কৰা হ’ব আৰু প্ৰাককলন অনুসৰি পথ তথা দলঙৰ কাম অতি সোণকালে সম্পূৰ্ণ কৰি ৰাইজৰ যাতায়ত সুচল কৰিব বুলি আশ্বাস প্ৰদান কৰিছে।

Leave A Reply

Your email address will not be published.