Daily Time Axom

মাৰ্ঘেৰিটাৰ বৰগোলাইত ৰাজ্যিক পৰ্য্যায়ৰ ফুটবল প্ৰতিযোগিতাৰ ব্যাপক প্ৰস্তুতি

0 36

অহা ২২ ফ্ৰেব্ৰুৱাৰী পৰা মাৰ্ঘেৰিটাৰ বৰগোলাইত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা যুঁজাৰু দলবীৰ সিং লোহাৰ মেমৰিয়েল ৰাজ্যিক পৰ্য্যায়ৰ ফুটবল প্ৰতিযোগিতা ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে। মাৰ্ঘেৰিটা বৰগোলাই স্থিত ৰাজিৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হব লগা প্ৰতিযোগিতাখনিত ৰাজ্যখনৰ ৮ খন জিলাই প্ৰতিনিধিত্ব কৰিব বুলি উদ্যোগতা সমিতিয়ে জানিবলৈ দিছে।উদ্যোগতা সমিতিৰ সভাপতি বসন্ত প্ৰধান আৰ সম্পাদক দেৱ গুৰুং ৰ লগতে উদ্যোগত সমিতিৰ কেইবাগৰাকীও কৰ্মকৰ্তাই প্ৰস্তুতি পৰ্ব নিজে তদাৰক কৰি আছে। গোৰ্খা উন্নয়ন পৰিষদৰ সভাপতি প্ৰেম তামাঙেও প্ৰতিযোগিতাখনৰ প্ৰস্তুতি সন্দৰ্ভত উদ্যোগতা সমিতিৰ লগত যোগাযোগ অব্যাহত ৰাখিছে। উদ্যোগতা সমিতিয়ে উঠি অহা নৱ প্ৰজন্মক মাদ্ৰক দ্ৰব্য পৰা আঁতৰত থাকি ক্ৰীড়া প্ৰতি মনোনিবেশ কৰাৰ লগতে উক্ত প্ৰতিযোগিতা সকলোকে উপস্থিত থাকিব বাবে আহ্বান জনাইছে।২২ তাৰিখৰ পৰা অনুষ্ঠিত হ’বলগীয়া ফুটবল প্ৰতিযোগিতাখনি অহা ২৫ ফ্ৰেব্ৰুৱাৰী তাৰিখে সামৰণি পৰিব।

মাৰ্ঘেৰিটা পৰা প্ৰতীক ছেত্ৰীৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.