চাপৰত পুনৰ সক্ৰিয় হৈছে গো-সৰবৰাহকাৰী চক্ৰ।

নিশাৰ আন্ধাৰত ব্ৰহ্মপুত্ৰ নদী দি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ লৈ গো-ধন সৰবৰাহ অব্যাহত ৰাখিছে গো-মাফিয়াই। বাংলাদেশলৈ গৰু সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে শালকোচা আৰক্ষীয়ে চলায় অভিযান। অভিযানত চাপৰৰ চান্দৰডিঙা ব্ৰহ্মপুত্ৰ ঘাটৰ পৰা খেদি খেদি জব্দ কৰে গৰুভৰ্তি বাহন। বাংলাদেশ অভিমুখী লৈ যোৱাৰ উদ্দেশ্য আনিছিল ৭ টাকৈ গো-ধন। ৭ টাকৈ গো-ধনৰ উদ্ধাৰ কৰাৰ লগতে শালকোচা আৰক্ষীয়ে জব্দ কৰে AS26C 6642 নম্বৰৰ ব’লেৰো বাহন। আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিছে গো মাফিয়া। ঘটনা সংক্ৰান্তত আৰক্ষীৰ তদন্ত অব্যাহত।

AssamAssamese NewsbollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment