কামৰূপ জিলা শিক্ষা খণ্ডত উদ্যোগত মান্দাকাটা খ মণ্ডল কেন্দ্ৰৰ সৌজন্যত বছেৰেকীয়া সামূহিক সম্বৰ্ধনা অনুষ্ঠান
কামৰূপ জিলাৰ বেজেৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত মান্দাকাটা বাগান প্ৰাথমিক বিদ্যালয় প্ৰাংগণত কামৰূপ জিলা শিক্ষা খণ্ডত উদ্যোগত মান্দাকাটা খ মণ্ডল কেন্দ্ৰৰ সৌজন্যত বছেৰেকীয়া সামূহিক উৎসৱ পালন কৰা হয়।
সামূহিক উৎসৱৰ লগত সংগতি ৰাখি এখন মুকলি সভা অনুষ্ঠিত কৰে।
বৰবাকা ট্ৰাইবেল মধ্য ইংৰাজী বিদ্যালয় প্ৰাক্তন প্ৰধান শিক্ষক আইজুল্লা আলীয়ে সভাপতিত্ব কৰে।
সভাৰ উদ্দ্যশ্য ব্যাখ্যা কৰে মান্দাকাটা খ মণ্ডল কেন্দ্ৰৰ সমন্বক জাহিদুল ইছলামে ।
এই অনুষ্ঠানত দুগৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।
লেঙা নৱমিলন প্ৰাথমিক বিদ্যালয় অৱসৰী শিক্ষয়ত্ৰী ৰীনা দাসৰ লগতে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ২৩ নং স্থান প্ৰাপ্ত ৰিজুমনি জি ম’মিনক মান্দাকাটা খ মণ্ডল কেন্দ্ৰৰ তৰফৰপৰা সম্বৰ্ধনা জনোৱা হয়।
সামূহিক উৎসৱৰ জৰিয়তে শিপাৰ সন্ধান নামৰ এক প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়।
মূকলি সভাৰ পূৰ্বে মান্দাকাটা খ মণ্ডল কেন্দ্ৰৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন ধৰণৰ নৃত্য-গীত আদি পৰিবেশন কৰে।
বাইহাটা চাৰিআলিৰ পৰা ইফ্তাজুল হকৰ ৰিপৰ্ট