Daily Time Axom

নামনী অসমৰ প্ৰতিটো জিলাৰ চুকে কোনে সুখ শান্তি আৰু মংগল বিচাৰি উঠিছে পালনাম অনুষ্ঠিত কৰাৰ ধুম: গুনীয়ালগুৰি, দেওঁহাটীত পালনাম অনুষ্ঠিত হয়: অহা ২৩,২৪,২৫ আৰু ২৬ ফেব্ৰুৱাৰী ত সৃজনগ্ৰাম অনুষ্ঠিত হব সাৰ্বজনীন পালনাম মহোৎসৱ।

0 46

নামনী অসমত এতিয়া ৰাইজে সুখ-শান্তি আৰু উন্নয়ন বিচাৰিছে। যাৰ ফলত প্ৰতিটো জিলাৰ চুকে কোনে থকা মঠ- মন্দিৰ, নামঘৰ সত্ৰ আদিত পালনাম অনুষ্ঠিত কৰাৰ ধুম উঠিছে। একেদৰে বঙাইগাঁও জিলাৰ প্ৰতিটো গাঁও চুকে কোনে এই কেইদিন পালনাম অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে।
সেইমতে জিলাখনৰ অভয়াপুৰী উত্তৰ সমষ্টিৰ সৃজনগ্ৰাম উন্নয়ন খণ্ড এলেকাৰ অন্তৰ্গত গুনীয়ালগুৰি নামঘৰ প্ৰাংগণত দুই দিনীয়া কাৰ্যসূচীৰে পালনাম অনুষ্ঠিত হয়।সেইমতে যোৱাকালি অমৃত গগৈ বাপৰ পৰিচালনাত বন্তি প্ৰজ্বলন কৰে। আৰু মুকুন্দ ৰায় বাপৰ পৰিচালনাত অধিবাসৰ নাম প্ৰসংগ অনুষ্ঠিত হয়।আৰু আজি ৰাতিপুৱা ৫:০০বজাত জাগৰণ আৰু ৭:০০ বজাত মুকুন্দ ৰায় বাপৰ পৰিচালনাত যুগল প্ৰসংগ আৰু দীনেশ ৰায় বাপৰ পৰিচালনাত ভাগৱত পাঠ অনুষ্ঠিত হয়।আৰু আই সকলৰ নামৰ পিছত অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জনায়। ইয়াৰ পিছতে পালনামৰ বীৰনাম আৰম্ভ হয়।অৱশ্যে উক্ত অনুষ্ঠানত চিৰাং জিলাৰ পৰা আমন্ত্ৰণ কৰি অনা বড়ো জনগোষ্ঠীৰ বিনাপানী মহিলা নামৰ দলে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়।একেদৰে দেওঁহাটী ৰামগড় ৰাজহুৱা নামঘৰতো পালনাম অনুষ্ঠিত হয়।ইফালে অহা ২৩,২৪,২৫আৰু ২৬ ফেব্ৰুৱাৰীতো চাৰিদিনীয়া বিভিন্ন কাৰ্য্যসূচীৰে সৃজনগ্ৰাম আঞ্চলিক সাৰ্বজনীন পালনাম মহোৎসৱ অনুষ্ঠিত কৰিব বুলি আয়োজক সমিতিৰ যুটীয়া সম্পাদক মনোজ ৰাজবংশীয়ে জানিব দিছে।

Leave A Reply

Your email address will not be published.