উত্তৰ প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা, ১৫ তীৰ্থযাত্ৰীৰ মৃত্যু

উত্তৰ প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা। ট্ৰেক্টৰেৰে কাশগঞ্জ অভিমুখে গৈ আছিল এদল তীৰ্থযাত্ৰী। ইয়াৰ পিছতে ট্ৰেক্টৰখন নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰি যায়। ইতিমধ্যে এই ঘটনাৰ বাবে ১৫ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে সাতগৰাকী শিশু আৰু মহিলা। সকলো তীৰ্থযাত্ৰী উত্তৰ প্ৰদেশৰ কাদৰগঞ্জ অভিমুখে গৈ আছিল। তাতে গংগাত গা ধুবলৈ পৰিকল্পনা কৰিছিল। কিন্তু কাশগঞ্জৰ সমীপতে সংঘটিত হৈছে এই দুৰ্ঘটনা। এই ঘটনাক লৈ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। মৃতকৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহত পৰিয়ালক ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰা হৈছে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আহতসকলৰ সঠিক চিকিৎসা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে।

AssamAssamese NewsDaily time axomGuwahatiInternationalNew Delhi
Comments (0)
Add Comment