কচুৱাত দুগৰাকী বিধায়কৰ উপস্থিতিত এ আই ইউ ডি এফ দলৰ ৰাজহুৱা সভা

সমাগত ৰাজ্যত লোক সভা নিৰ্বাচন। লোক সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্রায় প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে প্রচাৰ। পিছ পৰি থকা নাই এ আই ইউ ডি এফ দলেও। গাঁৱে ভূঁঞে, জনসভাত অংশ গ্ৰহণ কৰি চলাইছে প্ৰচাৰ। সমান্তৰালকৈ নগাঁও লোক সভা সমষ্টিৰ অন্তৰ্গত কচুৱা তিনিআলীত ৬১ নং ৰহা সমষ্টি কমিটিৰ উদোগত এ আই ইউ ডি এফ দলৰ সভা অনুষ্ঠিত কৰা হয়। ৰহা সমষ্টি কমিটিৰ সভাপতি জহুৰ আলীৰ সভাপতিত্বত অনুস্থিত হোৱা সভাত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, গৌৰিপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, নগাঁও জিলা কমিটীৰ সভাপতি বদৰুদ্দোজা চৌধুৰী,সাধাৰণ সম্পাদক চম্পক কলিতা,ৰহা সমষ্টি কমিটিৰ সম্পাদক আলহাজ আনচৰ আলীৰ লগতে নগাঁও জিলা কমিটীৰ বিষয়ববীয়াসকল আৰু কচুৱা অঞ্চলৰ বহু সংখ্যক পুৰুষ মহিলাই অংশ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। সভাত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে বহু মূল্যবান বক্তব্য প্ৰদান কৰে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment