তামুলপুৰৰ চেচাঁপানীত ১১৫তম মাঘী পূৰ্ণিমা কাৰ্যসূচীত অংশগ্ৰহণ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

তামুলপুৰৰ চেচাঁপানীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ১১৫ সংখ্যক মাঘী পূৰ্ণিমা আৰু ১৬ সংখ্যক স্বৰুভ স্থিতি প্ৰছাৰ ছংছদৰ অধিবেশনৰ আজি দ্বিতীয় তথা অন্তিম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, ইএম ৰনেন্দ্ৰ নাৰ্জাৰী, এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীকে আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ।

তামুলপুৰ জিলাৰ অন্তৰ্গত কুমাৰীকাটাৰ চেচাঁপানী হাইস্কুল খেল পথাৰ প্ৰাঙ্গণত ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ১১৫ সংখ্যক মাঘী পূৰ্ণিমা আৰু ১৬ সংখ্যক স্বৰুপ স্থিতি প্ৰচাৰ সংসদৰ অধিবেশনৰ আজি দ্বিতীয় দিনাও দিনজোৰা ব্ৰহ্ম সমাজৰ ধৰ্মীয় কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মানৱ সমাজৰ মলগলৰ বাবে হোমযঞ্জৰ আয়োজন কৰে । এই হোম যঞ্জত পূৰ্ণাহুতি দিয়ে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ লগতে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰীয়ে ৷
আজি পুৱাৰে পৰা বিভিন্ন জিলাৰ পৰা অহা ভক্ত সকলে দলে বলে আহি মহাযজ্ঞত অংশগ্ৰহণ কৰে। আজিৰ এই কাৰ্যসূচীত বহুসংখ্যক ভক্তপ্ৰান ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হয়।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment