খিলঞ্জীয়া লোকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ লক্ষ্যৰে আৰম্ভ হোৱা মিছন বসুন্ধৰা ২.০ অভিযানৰ অংশ হিচাপে আজি অসম চৰকাৰৰ পৰিবহণ, আবকাৰী আৰু মীন ইত্যাদি বিভাগৰ মন্ত্ৰী পৰিমল শুল্কবৈদ্যই লামডিং বিধানসভা সমষ্টিৰ মুঠ 1767 গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ভূমিৰ পট্টা বিতৰণ কৰে ।অনুষ্ঠানটোত উপস্থিত ৰাইজক সম্বোধন কৰি মন্ত্ৰী পৰিমল শুল্কবৈদ্যই উল্লেখ কৰে যে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গ্ৰহণ কৰা আৰু খিলঞ্জীয়া লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰা এই পদক্ষেপে ভূমিজনিত সমস্যাসমূহৰ সমাধান আৰু সামাজিক সমতাৰ সৃষ্টি কৰাৰ লগতে অসমৰ সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰিব। মন্ত্ৰী পৰিমল শুল্কবৈদ্যই লগতে কয় যে, মিছন বসুন্ধৰা ১.০ আৰু ২.০ ৰ সফলতাৰ পিছত ভূমি সংক্ৰান্তীয় সমস্যাৰ সমাধান আৰু উন্নয়নমূলক কামকাজৰ বাবে প্ৰয়োজনীয় ৰাজহ বৃদ্ধিৰ উদ্দেশ্যে মিছন বসুন্ধৰা ৩.০ৰ অধীনত আমাৰ চৰকাৰে পৰৱৰ্তী প্ৰজন্মৰ সেৱা আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে। এক ডিজিটেলাইজ মাধ্যমৰে সকলোৰে উমৈহতীয়া প্ৰচেষ্টা আৰু অংশীদাৰীত্বই মিছন বসুন্ধৰা ৩.০ক সফলতাৰ চৰম শিখৰলৈ লৈ যাব বুলি মোৰ দৃঢ় বিশ্বাস থকা বুলিও মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে।
লামডিং বিধান সভা সমষ্টিৰ শংকৰপুৰ কাকী ৩ নং চাৰিআলি এল. পি. স্কুলৰ প্ৰাংগণত অনুষ্ঠিত হোৱা অনুষ্ঠানত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ জিলা উপায়ুক্ত লাচিত কুমাৰ দাসৰ উপৰিও হোজাই জিলাৰ চৰকাৰী বিষয়া সকল উপস্থিত আছিল।