Daily Time Axom

বৰক্ষেত্ৰীত অগপৰ নিৰ্বাচনী ৰণডংকা

0 30

বৰক্ষেত্ৰীত অগপৰ নৱগঠিত “বিধানসভা সমষ্টি সমিতি”ৰ কাৰ্যকৰী সদস্যবৰ্গৰ শপত গ্ৰহণ অনুষ্ঠানৰ লগতে অগপৰ “বৰক্ষেত্ৰী মহিলা বিধানসভা সমষ্টি সমিতি”গঠন!
আগন্তুক লোকসভা নিৰ্বাচনক লৈ যেন তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। ব্যতিক্ৰম নহয় অসম গণ পৰিষদ দলটোও। আজি বৰপেটা লোকসভা সমষ্টি সমিতিৰ অন্তৰ্ভুক্ত বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ সাপকাটাত অসম গণ পৰিষদ দলৰ এখন গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰা হয় । সভাখনত উপস্থিত থাকে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ডক্টৰ ৰঞ্জিত ডেকা, উপ সভাপতি চিত্তৰঞ্জন বৰ্মণ, সম্পাদক গুনমণি ভূঞা, অগপ দলৰ অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভানেত্রী বন্তি পাঠক, বৰক্ষেত্ৰী বিধান পৰিষদৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল । আজিৰ সভাত বৰক্ষেত্ৰী আঞ্চলিকৰ সমূহ কৰ্মকতাৰ লগতে মহিলা পৰিষদৰ কৰ্মকতাসকল উপস্থিতি থাকে। অসম গণ পৰিষদৰ বৰক্ষেত্ৰী বিধান সভা সমষ্টি সমিতিৰ কাৰ্যকৰী সদস্যবৰ্গৰ শপত গ্ৰহণ অনুষ্ঠানটিৰ লগতে অগপৰ বৰক্ষেত্ৰী মহিলা বিধানসভা সমষ্টি সমিতিখনো গঠন কৰা হয়।

Leave A Reply

Your email address will not be published.