Daily Time Axom

বৰনগৰ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ বিভাগৰ উদ্যোগত প্ৰাক্তন অধ্যক্ষ ড° বীৰেন কুমাৰ চক্ৰবৰ্ত্তীক বিদায় সম্বৰ্ধনা

0 34

বৰপেটা জিলাৰ বৰনগৰ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ বিভাগৰ উদ্যোগত-শুকুৰবাৰে মহাবিদ্যালয়খনত এখনি বিদায় সভা অনুষ্ঠিত কৰে,এই বিদায় সভাৰ জৰিয়তে ২০২৩ চনৰ ৩১ ডিচেম্বৰ তাৰিখে অৱসৰগ্ৰহণ কৰা প্ৰাক্তন অধ্যক্ষ ড° বীৰেণ কুমাৰ চক্ৰৱৰ্ত্তীক বিদায় সম্বৰ্ধনা জনায়৷১৯৬২ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে বৰনগৰ মহাবিদ্যালয় স্থাপন কৰিছিল৷এই ঐতিহাসিক বৰনগৰ মহাবিদ্যালয়ত ২০১২ চনৰ জানুৱাৰী মাহৰ ১৮ তাৰিখে ড° বীৰেন কুমাৰ চক্ৰবৰ্ত্তীয়ে নতুন অধ্যক্ষ হিচাপে চাকৰিত যোগদান কৰে,তাৰপাছতেই বৰনগৰ মহাবিদ্যালয়ৰ এক নতুন সোণালী অধ্যায়ৰ আৰম্ভ হয়,অধ্যক্ষ গৰাকীৰ বলিষ্ঠ কণ্ঠ আৰু নেতৃত্বৰ বাবে ক্ৰমান্বয়ে সফলতাৰ শিখৰত উপনিত হোৱাৰ দিশত যাবলৈ আৰম্ভ কৰে৷ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ(NAAC)ৰ দ্বিতীয় চক্ৰত বি+ গ্ৰেড্ আৰু তৃতীয় চক্ৰত বি++ পাবলৈ সক্ষম হয়,আনফালে ভাৰতৰ জনপ্ৰিয় আলোচনী INDIA TODAY ৰ সমীক্ষাত দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয় সমূহৰ তালিকাতত একেৰাহে তিনিবাৰকৈ স্থান লাভ কৰিবলৈ সক্ষম হয়,এইফালে OPEN আলোচনীৰ সমীক্ষাত বৰনগৰ মহাবিদ্যালয় State Wise Ranking ত বৰনগৰ মহাবিদ্যালয়ে চতুৰ্থ স্থান আৰু East Zone ত ১২ নম্বৰ স্থান পাবলৈ সক্ষম হয়,এই অধ্যক্ষ গৰাকীৰ দিনতে ডিজিটেল লাইব্ৰেৰী,প্ৰেক্ষাগৃহৰ উন্নয়ন,ইন্দোৰ ষ্টেডিয়াম,পেভেলিয়ান আদি স্থাপন হোৱাৰ লগতে একাদশ-দ্বাদশ আৰু স্নাতক পৰ্যায়ত বিজ্ঞান শাখা আৰম্ভ হয়,আনফালে অসমীয়া,ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ মহলা আৰম্ভ হৈছিল,প্ৰাক্তন অধ্যক্ষ গৰাকীৰে নেতৃত্বতে মহাবিদ্যালয়ৰ সোণালী জয়ন্তী আৰু হীৰক জয়ন্তী উদযাপন কৰে,এই বিদায় সভাত বৰনগৰ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° জগদীশ চন্দ্ৰ শৰ্মা,ভাৰপ্ৰাপ্ত উপাধ্যক্ষ তথা ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী ৰেজাউল কৰিম আহমেদ সহ স্নাতকোত্তৰ বিভাগৰ সকলো অধ্যাপক -অধ্যাপিকা,স্নাতক বিভাগৰ কেইবাগৰাকী অধ্যাপক-অধ্যাপিকা সহ স্নাতকোত্তৰ বিভাগৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.