সমগ্ৰ অসমজুৰি সুদখোৰৰ বিৰুদ্ধে চলিছে মাৰাথন অভিযান।
যোৱা নিশা মৈৰাবাৰী আৰক্ষীয়ে মৈৰাবাৰীৰ বিভিন্ন অঞ্চলৰ পৰা পৃথকে পৃথকে অভিযান চলাই চাৰিজনকৈ সুদখোৰক আটক কৰিবলৈ সক্ষম হয়।
সুদখোৰ চাৰিজন হল- ফকৰ উদ্দীন, আব্দুল মোতালেব, দিলদাৰ হুছেইন, আৰু ছাদ্দাম হুছেইন।
তাঁতীকটা, বৰথল কছাৰীগাঁও, দুৰাবান্ধি গাঁৱৰ পৰা সুদখোৰ চাৰিজনক অভিযান কালত আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আনহাতে সাধাৰণ ৰাইজক সুদত টকা দি হাৰাশাস্তি কৰা অন্যান্য কুখ্যাত সুদখোৰকো আৰক্ষীয়ে হিগ্ৰে কৰায়ত্ত কৰিবলৈ ৰাইজে দাবী জনাইছে।
মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট