Daily Time Axom

কচুৱাৰ জুৰিৰপাৰত অগপৰ জেষ্ঠ নেতা বিষ্ণু দাসক সম্বৰ্ধনা

0 38

নগাঁও জিলাৰ কচুৱাৰ জুৰিৰপাৰত জুৰিৰপাৰ আঞ্চলিক কমিটিৰ উদোগত সম্বর্ধনা সভা।
অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি তথা ৰহা সমষ্টিৰ তত্ত্বাৱধায়ক বিষ্ণু দাসক এই সম্বর্ধনা । অসমীয়া ফুলাম গামোচা আৰু জাপিৰে বিশেষ সম্বৰ্ধনা জনাই বিষ্ণু দাসক। ৰহা সমষ্টিৰ অন্তৰ্গত অগপ দলৰ জুৰিৰপাৰ আঞ্চলিকৰ পৰা এই সম্বধনা সভাৰ আয়োজন কৰে কৰ্মকতা সকলে।
উক্ত সভাত উপস্থিত থাকে নগাঁও জিলা কমিটিৰ ৰহা বিধান পৰিষদৰ উপ সভাপতি মৰমুজ আলী,ৰহা বিধান পৰিষদৰ সাংগঠনিক সম্পাদক , হৰমুজ আলী, হাফিজ উদ্দিন, আব্দুল হামিদ, মজিবুৰ ৰহমান,ৰফিকুল ইছলামৰ লগতে জুৰিৰপাৰ আঞ্চলিকৰ অসম গণ পৰিষদৰ কৰ্মকতাসকল। উক্ত সম্বর্ধনা সভাত অগপ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি বিষ্ণু দাসে বহু মূল্যবান বক্তব্য প্ৰদান কৰে।

কচুৱাৰ পৰা গুলজাৰ হুছেইন ৰিপোৰ্ট

Leave A Reply

Your email address will not be published.