Daily Time Axom

বৰপথাৰত ৭০০ৰো অধিক লোকৰ বিজেপিত যোগদান

0 28

সৰুপথাৰ বিধানসভা সমষ্টিত আজি বিজেপিৰ এক বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। সমষ্টিটোৰ বৰপথাৰ মণ্ডল কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচীত
সদৌ অসম ছাত্ৰ সন্থা, কংগ্ৰেছ, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয় পৰিষদৰ ৰাজ্যিক তথা জিলা পৰ্যায়ৰ বহুকেইজন প্ৰাক্তন বিষয়ববীয়াৰ লগতে সৰুপথাৰ সমষ্টিৰ বহুকেইটা পঞ্চায়তৰ প্ৰায় ৭০০ লোকে বিজেপি দলত যোগদান কৰে।
এই যোগদান কায্যসূচীত বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁই, দিপ্লুৰঞ্জন শৰ্মা, জিলা বিজেপিৰ সভাপতি দেৱপ্ৰতীম বৰা, সাধাৰণ সম্পাদক সঞ্জীৱ দাস, ৰাজ্যিক আইনী কোষৰ আহ্বায়ক জয়ন্ত গোস্বামীকে, বৰপথাৰ পৌৰসভাৰ পৌৰপতি সঞ্জীৱ বৰুৱাকে ধৰি বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে। যোগদান কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কায্যনিৰ্বাহক সদস্য শশধৰ গগৈ, অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় আহ্বায়ক মুন্তি গগৈ, কংগ্ৰেছৰ প্ৰাক্তন জ্যেষ্ঠ নেতা লীলা বৰা, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি যদুমনি বৰা, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন শিক্ষা সম্পাদক ৰিকি বৰাকে ধৰি কেইবা শতাধিক লোকে বিজেপি দলত যোগদান কৰে।

Leave A Reply

Your email address will not be published.