Daily Time Axom

তামুলপুৰৰ পাটকিজুলিত অখণ্ড হৰিনাম কীৰ্ত্তন মহোৎসৱ

0 36

তামুলপুৰ জিলাৰ পাটকিজুলিৰ আদিবাসী সমাজৰ উদ্যোগত আৰু সনাতন খেৰাৱড় সংঘৰ সৌজন্যত ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা অখণ্ড হৰিনাম কীৰ্ত্তন মহোৎসৱ আয়োজন কৰা হয় ৷ প্ৰথম দিনা পুৱা পতাকা উত্তোলন, মুখ্যদ্বাৰ উন্মোচন ,বন্তি প্ৰজ্বলন ,সন্ধিয়া আৰতি, বন্তি প্ৰজ্বলন, শ্ৰীমদ্ভগাৱত পাঠ আদি কাৰ্যসুচী অনুষ্ঠিত কৰে ৷ ২৪ তাৰিখৰ দিনা ২৪ ঘন্টীয়া অষ্টপ্ৰহৰ নাম প্ৰসংগ আৰম্ভ হয়। কেবাটাও দলে নাম প্ৰসংগত ভাগ লৈ হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তোলে।
আজি পুৱা বেলা নগৰকীৰ্তন , পৰিভ্ৰমণ ভোগ বিতৰন সন্ধিয়া বন্তি প্ৰজলনেেৰে সামৰণি পৰিব।

Leave A Reply

Your email address will not be published.