Daily Time Axom

নলবাৰীৰ “নপ্তিপাৰা সত্ৰ”ত “উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘ”ৰ ৪৭ সংখ্যক নপ্তিপাৰা অধিৱেশন

0 42

আয়তিৰ মঙ্গল উৰুলি আৰু হৰিধ্বনিৰ মাজত উৎসৱমুখৰ পৰিৱেশত অধিৱেশনৰ লাইখুঁটা স্থাপন!

নলবাৰী জিলাৰ নপ্তিপাৰাত “উত্তৰ পূব ভাৰত হৰিদেৱ সংঘ”ৰ ৪৭ সংখ্যক অধিৱেশনখন নপ্তিপাৰাস্থিত “বাসুদেৱ ক্ষেত্ৰ,নপ্তিপাৰা সত্ৰ”ত অহা ১৫,১৬ আৰু ১৭ মাৰ্চ ২০২৪ ইংৰাজী অৰ্থাৎ ১,২,৩ চ’তলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব। এই উপলক্ষে আজি ২৫ ফেব্ৰুৱাৰীত হৰিদেৱ সংঘৰ অধিৱেশন উপলক্ষে বিধিসন্মতভাৱে সমূহীয়াভাৱে হৰিধ্বনি আৰু আয়তিৰ মাংগলিক উৰুলীৰে সভাৰ লাইখুটা স্থাপন কৰা হয়। হৰিদেৱ সংঘৰ অধিবেশনখনিৰ আটাইবোৰ কাৰ্যসূচীত সমূহ ভক্তপ্ৰাণ লোকৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে।

Leave A Reply

Your email address will not be published.