নাৰায়নপুৰ হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে প্ৰস্তুতি সভা

টিহু সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ হাইস্কুলৰ প্ৰাংগনত ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে শিক্ষক-শিক্ষয়ত্ৰী তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী‌ লগতে সকলকৰ উপস্থিতিত এখন প্ৰস্তুতি সভা আয়োজন কৰা হয় । ১৯৮৬ চনতে প্ৰতিষ্ঠিত হোৱা নাৰায়নপুৰ হাইস্কুল ২৫ বছৰ অতিক্ৰম কৰিছে সেয়েহে এইবছৰৰ চেপ্তেম্বৰ মাহত নাৰায়নপুৰ হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰাৰ উদ্দেশ্যৰে আজি বিদ্যালয়ৰ প্ৰাংগনত পৰিচালনা সমিতিৰ সদস্য, প্ৰাক্তন শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰী‌ৰ উপস্থিতিত এখন প্ৰস্তুতি সভা অনুষ্ঠিত কৰে । সভাৰ জৰিয়তে ৰূপালী জয়ন্তীৰ সকলোবোৰ কাৰ্য্যসূচীসমূহ বিতংভাবে আলোচনা কৰা হয় । ৰূপালী জয়ন্তী বৰ্ষ উদযাপনটো ক্ষেত্ৰত কেনেধৰনে সাফল্যমণ্ডিত কৰিব পাৰি সেই বিষয়ে ছাত্ৰ-ছাত্ৰীসকলৰ পৰা বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আগবঢ়োৱা হয় ।

Daily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment