Daily Time Axom

বন্ধন বেংকে স্বাৱলম্বী কৰিলে সৰভোগৰ তৰুণ ভড়ালীক

0 44

আমি যিটো সময়ত একাংশই পঢ়াশুনা সমাপ্ত কৰাৰ পাছত এটা কৰ্মসংস্থাপনৰ অভাৱত নকৰিবলগীয়া কামকো কৰিছোঁ,কৰ্মহীন হোৱাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক গালি-গালাজ পাৰিছোঁ,বিভিন্ন চাৰিআলি-তিনিআলিত মোবাইলত বিভিন্ন গেম খেলি আড্ডামাৰি সময় অতিবাহিত কৰিছো,ঠিক সেইসময়তে ঐতিহাসিক সৰভোগৰ এজন যুৱকে সম্প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷

বৰপেটা জিলাৰ সৰভোগৰ উত্তৰ গনকগাড়ী গাঁৱৰ নিবাসী গিৰিশ ভড়ালী আৰু সাবেত্ৰী ভড়ালীৰ সন্তান তৰুণ ভড়ালী এটা সময়ত নিৱনুৱা আছিল,ঠিক সেইসময়ত তেওঁৰ বন্ধু কেইজনমান বন্ধন বেংকৰ বিষয়ে অৱগত কৰে,তাৰপাছতেই তৰুণ ভড়ালী বন্ধন বেংকৰ সৰভোগ শাখালৈ যায়,সেই শাখাৰ পৰাই আলোচনা-বিলোচনাৰ অন্তত ৩০ হাজাৰ টকাৰ এটা ঋণ লয়,সেই টকাৰে ভড়ালী কংক্ৰিট উদ্যোগ নামেৰে এটা উদ্যোগ স্থাপন কৰে,উদ্যোগটো ডাঙৰ কৰাৰ বাবে দ্বিতীয়বাৰ ৫০ হাজাৰ টকা,তৃতীয়বাৰত ১ লাখ টকা,চতুৰ্থবাৰত ১ লাখ ৫০ হাজাৰ টকা,পঞ্চমবাৰত ২ লাখ টকা আৰু ষষ্ঠবাৰত ৩ লাখ টকাৰ ঋণ বন্ধন বেংকৰ পৰা লয়,এতিয়া ভড়ালী কংক্ৰিট উদ্যোগটোত চাৰিজন কৰ্মচাৰীয়ে কাম কৰি আছে,প্ৰতিজন কৰ্মচাৰীক মাহেকত ১৫ হাজাৰকৈ টকা দৰমহা দিয়াৰ পাছতো ৫০ ৰ পৰা ৬০ হাজাৰ টকা লাভ হয়৷

Leave A Reply

Your email address will not be published.