মাদ্ৰাছা দাৰুল হাদিছত বিদায়ী সভা

দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত হিৰাপাৰা মাদ্ৰাছা দাৰুল হাদিছত প্ৰত্যেক বছৰৰ দৰে এই বছৰো আজি তাহাজিবুল বায়ানৰ উদ্যোগত ৰাতিপুৱা ৯ বজাৰ পৰা বিভিন্ন শিক্ষামূলক প্ৰতিযোগিতা আৰু কোৰান হাদিছৰ তাকৰীৰসহ দিনজোৰা কাৰ্যসূচীৰে মাদ্ৰাছা প্ৰাঙ্গনত আখেৰী আনজুমান কাৰ্যসূচী অনুষ্ঠিত কৰে। ৰাতিপুৱা ৯ বজাৰ পৰা কেৰাত,গজল, অসমীয়া বক্তৃতা, বাংলা বক্তৃতা, উৰ্দু বক্তৃতা, আৰবী বক্তৃতা, ইংৰাজী বক্তৃতা আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰে মাদ্ৰাছা ছাত্র সকলৰ মাজত। আবেলি ২ বজাত কুইজ প্ৰতিযোগিতা সমাপ্ত কৰি বঁটা বিতৰণী অনুষ্ঠিত কৰে। বিভিন্ন শিক্ষামূলক প্ৰতিযোগিতাৰ লগতে সমাজত চলি থকা বিভিন্ন ধৰণৰ কু- সংস্কাৰ নিৰ্মূল কৰিবলৈ আলোচনা কৰে আমন্ত্রিত অতিথি সকলে। মাদ্ৰাছাখনিত ধৰ্মীয় শিক্ষাৰ লগতে স্কুলীয়া শিক্ষাৰ সু ব্যবস্থা আছে বুলি জানিবলৈ দিয়ে।

খাৰুপেটীয়াৰ পৰা ৰফিকুল হকৰ ৰিপ’ৰ্ট

AssamAssamese NewsDaily time axomGuwahatiInternational
Comments (0)
Add Comment