মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বৰচাপৰিৰ ব্ৰহ্মপুত্ৰৰ পাৰত অবাধে চলিছে বালি চুৰিৰ ঘটনা।
নিশাৰ আন্ধাৰত চলে ব্ৰহ্মপুত্ৰৰ বালি চুৰি।
যোৱা বছৰ মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই ব্ৰহ্মপুত্ৰৰ নদী কাষৰীয়া অঞ্চল ভজাখাইতি আৰু বৰচাপৰিত উপস্থিত হৈ মথাউৰী নিৰ্মাণ কৰি দিয়াৰ আশ্বাস দি যোৱাৰ লগতে এই বছৰ উক্ত অঞ্চলত জি’অ বান্ধৰ মথাউৰীৰ কাম পূৰ্ণগতিত চলি আছে। কিন্তু জি’অ বান্ধৰ বাবে ব্যৱহাৰ কৰা মাটি আৰু বালিৰে বান্ধ নিৰ্মাণ নকৰি ইচ্ছা অনুসৰি গোপনে বালি বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰণটোমণি শইকীয়া নামৰ এগৰাকী বিভাগীয় অভিযন্তাৰ ওপৰত।
স্থানীয় ৰাইজে দিয়া অভিযোগ অনুসৰি দিনৰ ভাগত জি’অ বান্ধৰ বাবে বালি কঢ়িওয়া ট্ৰেক্টৰ সমূহৰে নিশা হলেই গোপনে বিক্ৰী কৰিবলৈ লৈ যোৱা হয় ট্ৰাক ভৰ্তি বালি। ৰাইজে অভিযোগ দিয়াৰ পিছতো নেদেখা কুলিৰ ভাও কৰ্মৰত অভিযন্তা ৰন্টুমণি শইকীয়াৰ।
স্থানীয় ৰাইজে উক্ত মথাউৰী নিৰ্মাণত কৰ্মৰত বিভাগীয় অভিযন্তাক অভিযোগ দিয়াৰ পিছতো কেনেদৰে ট্ৰাকে ট্ৰাকে বালি বিক্ৰী হৈছে ?
দুগৰাকীকৈ মন্ত্ৰীয়ে পৰিদৰ্শন কৰি যোৱা উক্ত অঞ্চলত জি’অ বান্ধ নিৰ্মাণৰ বালি নিশা হলেই ট্ৰাকে ট্ৰাকে ক’ত যায় ? কাক মেনেজ কৰি চলে এনে দুষ্কাৰ্য ? বিভাগীয় তদন্তত সকলো ওলাই পৰিব।
মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট