অৰুণাচলৰ লেকাঙত ড্ৰাগছৰ বিৰুদ্ধে অনুষ্ঠিত কৰ্মশালাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া

অৰুণাচলৰ লেকাং সমষ্টিৰ মহাদেৱপুৰ আবৰ্ত ভৱন প্ৰাংগণত লেকাং মৰাণ ছাত্ৰ সন্থা, লেকাং দেউৰী যুৱ ছাত্ৰ সন্থা, লেকাং বিশেষ ভাবে সক্ষম সংস্থা, সদৌ লেকাং মহিলা সমিতি আদিৰ উদ্যোগত ড্ৰাগছৰ বিৰুদ্ধে তথা নৱপ্ৰজন্মৰ উজ্জীৱিতকৰণৰ দিশত এখনি প্ৰেৰনাত্মক বক্তৃতা অনুষ্ঠান ও কৰ্মশালা অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত গুৱাহাটীৰ পৰা আহি উপস্থিত হয় অসমৰ প্ৰেৰণাত্মক বক্তা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া। ডঃ শইকীয়াই কয় যে স্থানীয় সামাজিক নেতা, নেত্ৰীসকল সজাগ হৈ নৱপ্ৰজন্মক মৰম আৰু আদৰেৰে সামাজিক কামত জড়িত কৰায় এক সামাজিক বান্ধোনৰ দ্বাৰা ড্ৰাগছৰ পৰা মুক্ত কৰিব লাগিব।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment