নাৰায়ণপুৰ মোক্তাৱ প্ৰাথমিক বিদ্যালয়ত মুকালমুৱা মণ্ডল A পৰ্যায়ৰ ৰান্ধনী সকলৰ ৰন্ধন প্ৰতিযোগিতা

নলবাৰী জিলাৰ বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অন্তৰ্গত নাৰায়ণপুৰ মোক্তাৱ প্ৰাথমিক বিদ্যালয়ত মুকালমুৱা মণ্ডল A পৰ্যায়ৰ ৰান্ধনী সকলৰ ৰন্ধন প্ৰতিযোগিতা অনুষ্ঠিত কৰে । বিদ্যালয়ৰ ছাত্র ছাত্ৰী সকলৰ খাদ্য সম্ভাৰ শিশু সকলৰ খোৱাৰ উপযোগী হোৱাৰ লগতে ৰান্ধনী সকলক উৎসাহ দিয়াৰ উদ্দেশ্যে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰে ।

নলবাৰী জিলা শিক্ষা বিষয়াৰ নিৰ্দেশ ক্ৰমে এই অনুষ্ঠানত অনুষ্ঠিত কৰে । মুকালমুৱা মণ্ডল সমল কেন্দ্ৰ A ৰ অন্তৰ্গত বিদ্যালয়সমূহৰ ৰন্ধন কৰ্মী আৰু সহায়িকা সকলৰ মাজত প্ৰধানমন্ত্ৰী পোষণ শক্তি নিমাৰ্ণ আঁচনি অসমৰ সৌজন্যত আৰু জিলা মিছন সমন্বয়ক কাৰ্যালয়, বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ সহযোগত ৰন্ধন প্ৰকৰণ প্ৰতিযোগিতাটো অনুষ্ঠিত কৰে। এই প্ৰতিযোগিতাত মুঠ ১০ খন বিদ্যালয়ে অংশ গ্ৰহণ কৰে ।

বিদ্যালয়সমূহৰ সোমবাৰৰ খাদ্য তালিকাৰ ভিত্তিত বিচাৰক সকলে বিজয়ী ঘোষণা কৰে । প্ৰথম বিজয়ী হয় হাউলিঘাট প্ৰাথমিক বিদ্যালয়, দ্বিতীয় বিজয়ী হয় নাৰায়ণপুৰ মোক্তাব প্ৰাথমিক বিদ্যালয়,আৰু তৃতীয় বিজয়ী হয় মেৰুৱাট্টাৰী প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনীৰ দল। অনুষ্ঠানটোত উপস্থিত থাকে জিলা আঁচনি প্ৰবন্ধক প্ৰবীণ কুমাৰ শ্বাহু। ৰান্ধনী সকলৰ এই ৰন্ধন প্ৰতিযোগিতা অনুস্থানটোত বিচাৰক হিচাপে উপস্থিত থাকে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা কুলেন্দ্ৰ মালাকৰ , PM পোসন কোষৰ MIS ভণিতা চৌধুৰী, বিশিষ্ট সমাজ সেৱিকা তথা সু-গৃহিনী কল্যাণী চৌধুৰীৰ লগতে দুগৰাকী শিশু বিচাৰক ।

AssamAssamese NewsbollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment