মাণিকপুৰ আৰক্ষীৰ বৃহৎ সাফল্যঃ এজন ড্ৰাগছ সৰবহকাৰী আটক

আজি ৰাতিপুৱা ৮.৩০ মান বজাত বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ধুপুৰীত ড্ৰাগছ সহ এজন যুৱকক আটক কৰে আৰক্ষীয়ে । এক গোপন সুত্ৰৰ পম খেদি মাণিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনিময় তামুলিয়ে অভিযান চলাই যুৱক জনক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱক জনৰ নাম মফিদুল ইছলাম। ধৃত সৰবহকাৰী জনৰ ঘৰ যোগীঘোপাৰ কাৱাইটাৰীত, কোৰাইপাৰা ১ম খণ্ডৰ বুলি জানিব পৰা গৈছে । জব্দকৃত ড্ৰাগছ খিনিৰ ওজন ৪৫ গ্ৰাম। এটা চাৱনৰ বাকচৰ ভিতৰত ড্ৰাগছ খিনি ভৰাই আনিছিল। সৰবহকাৰীজনৰ লগত আৰু কোন কোন জড়িত হৈ আছে অধিক তথ্যৰ বাবে শোধপোচ কৰি আছে। সোধপোচৰ অন্তত কি তথ্য পোহৰলৈ আহে সেয়া লক্ষ্যণীয় হব।

মাণিকপুৰৰ পৰা ৰফিকুল ইছলামৰ ৰিপোৰ্ট ।

Assamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment