Daily Time Axom

মৰাণৰ ঔফুলীয়াত সোণোৱাল কছাৰীসকলৰ ষষ্ঠ বার্ষিক ধাম খৱা সবাহৰ লাইখুঁটা স্থাপন

0 33

ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ পৌৰাণিক কথিত ভাষাটো উদ্ধাৰ, প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে জনগোষ্ঠীটোৰ লোকসকলক একত্ৰিত কৰাৰ অৰ্থে গঠিত সোণোৱাল ভাষাত কথা-বতৰা প্রতিষ্ঠানৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ঔফুলীয়া আঞ্চলিক সমিতিৰ সহযোগত ঔফুলীয়া কল্যাণ সংঘৰ প্ৰাঙ্গণত ষষ্ঠ বার্ষিক ধাম খৱা সবাহখনি অহা ৯ আৰু ১০ মার্চত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে । তদুপলক্ষে আজি সোণোৱালকছাৰী পৰম্পৰাগত ৰীতি-নীতিয়ে অনুষ্ঠানৰ লাইখুঁটা স্থাপন কৰে । উক্ত অনুষ্ঠানত সোণোৱাল ভাষাত কথা-বতৰা প্রতিষ্ঠানৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি ৰাজু সোণোৱাল দেউৰী, ধেমাজি নৰ্থবেংক কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° লৱৰাম সোণোৱাল, মৰাণ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° তুলসী সোণোৱাল, সোণোৱাল ভাষাত কথা-বতৰা প্রতিষ্ঠানৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলৰ লগতে বহুগণ্যমান্য ব্যক্তি উপস্থিত থাকে । উল্লেখ্য যে, ষষ্ঠ বার্ষিক ধাম খৱা সবাহখনিত সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ লোকসংস্কৃতিৰ সাধক,সাহিত্যিক পেঞ্চনাৰ লীলাকান্ত হাজৰীকালৈ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিব বুলি উদ্যোগতাই জানিবলৈ দিয়ে ।

মৰাণৰ পৰা সূৰ্য্য ফুকন

Leave A Reply

Your email address will not be published.