স্বামীয়ে হত্যা কৰিলে ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী পত্নীক

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে বুকু কঁপোৱা এটা ভিডিঅ’। য’ত এজন ব্যক্তিয়ে গুলীয়াই হত্যা কৰা দেখা গৈছে এগৰাকী মহিলাক! এই চিচিটিভি ফুটেজ দেখাৰ পিছত ইতিমধ্যে নেটপাৰাত হুলস্থুলৰ সৃষ্টি হৈছে। জানিব পৰা মতে মহিলাগৰাকীৰ নাম ৰাজস্থানৰ জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্ৰভাৱশালী অনমিকা বিষ্ণোই। স্বামী মহিৰামে তেওঁক হত্যা কৰে। অনামিকা হত্যাকাণ্ডৰ চিচিটিভি ফুটেজ সম্প্ৰতি আৰক্ষীৰ হাতত। আনহাতে, পলাতক হৈ আছে অভিযুক্ত।

আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা দেওবাৰে অনমিকা নিজৰ কাৰ্যালয়ৰ ভিতৰত বহি আছিল। অফিচৰ কামত ব্যস্ত থাকোতে হঠাৎ স্বামী মহিৰাম অফিচত প্ৰৱেশ কৰে। দুয়োৰে মাজত কাজিয়া হয়। তেনেতে স্বামীয়ে পিষ্টল উলিয়াই অনামিকাক গুলীয়াই হত্যা কৰে।

সূত্ৰৰ পৰা জানিব পৰা মতে, স্বামীৰ পৰা দীৰ্ঘদিন ধৰি বিচ্ছিন্ন হৈ আছিল অনমিকা। তেওঁৰ ল’ৰা-ছোৱালী তেওঁৰ লগতো আছিল। ইনষ্টাগ্ৰামত অনামিকা যথেষ্ট জনপ্ৰিয়। তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত এক লাখৰো অধিক ফ’ল’ৱাৰ আছে। স্বামীৰ বিৰুদ্ধেও অনামিকাই যৌতুক গোচৰ তৰিছিল, যাৰ বাবে আৰক্ষীয়ে তেওঁক হত্যা কৰা বুলি সন্দেহ কৰিছে।

AssamDaily time axomIndiaInternational
Comments (0)
Add Comment